২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
চলিত বৰ্ষৰ এই যোগ দিৱসৰ মূল বিষয়বস্তু (Theme) হৈছে 'Yoga for Healthy Ageing' অর্থাৎ 'স্বাস্হ্যসন্মত বাৰ্ধক্যৰ বাবে যোগ'। জীৱনৰ শেষ সময়লৈকে শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় তথা সুস্থ হৈ থকাৰ বাবে যোগাভ্যাসৰ গুৰুত্বক এইবাৰ বিশেষভাৱে তুলি ধৰা হৈছে।
বিশেষ প্ৰতিবেদন, ২১ জুন:
আজি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে দ্বাদশ আন্তৰ্জাতিক যোগ দিৱস।
দিৱসৰ পটভূমি আৰু তাৎপৰ্য: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱমৰ্মে ২০১৪ চনত ৰাষ্ট্ৰসংঘই ২১ জুনক ‘আন্তৰ্জাতিক যোগ দিৱস’ হিচাপে ঘোষণা কৰে । ইয়াৰ মূল উদ্দেশ্য হৈছে বিশ্ববাসীক যোগাসনৰ শাৰীৰিক আৰু মানসিক উপকাৰিতা সম্পৰ্কে অৱগত কৰা ।
চলিত বৰ্ষৰ এই যোগ দিৱসৰ মূল বিষয়বস্তু (Theme) হৈছে 'Yoga for Healthy Ageing' অর্থাৎ 'স্বাস্হ্যসন্মত বাৰ্ধক্যৰ বাবে যোগ'। জীৱনৰ শেষ সময়লৈকে শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় তথা সুস্থ হৈ থকাৰ বাবে যোগাভ্যাসৰ গুৰুত্বক এইবাৰ বিশেষভাৱে তুলি ধৰা হৈছে।
দেশজুৰি ব্যাপক কাৰ্যসূচী : এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল কাৰ্যসূচী অনুষ্ঠিত হৈছে পশ্চিম বংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই গণ-যোগাভ্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমগ্ৰ দেশবাসীক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমান্তৰালভাৱে অসমৰো সৰ্বত্ৰে আজি পুৱাৰে পৰা যোগ দিৱসৰ এক আধ্যাত্মিক পৰিৱেশ গঢ়ি উঠে। ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠান, বিদ্যালয়, বিশ্ববিদ্যালয় আৰু সামাজিক অনুষ্ঠানত পুৱাৰ ভাগতে যোগ শিবিৰৰ আয়োজন কৰা হয়। গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম, সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ লগতে বিভিন্ন মুকলি স্থানত মানুহে উৎসাহেৰে ইয়াত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ১০০ টা আইকনিক স্থানৰ ভিতৰত অসমৰ শিলচৰতো বিশেষ যোগ উদযাপনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
প্ৰভাৱ : যোগ দিৱসৰ এই বিশাল সজাগতাই গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণৰ মাজত দৈনন্দিন জীৱনত যোগক একপ্ৰকাৰৰ জীৱনশৈলী হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। আধুনিক ব্যস্ততাৰ মাজতো মানসিক শান্তি আৰু শাৰীৰিক সুস্থতা বজাই ৰাখিবলৈ যোগাভ্যাসৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।