শেহতীয়াকৈ অসম বিধানসভাই গৃহীত কৰা ‘অসম ভূমি আৰু ৰাজহ সংশোধনী আইন ২০২৬’—এ খিলঞ্জীয়াৰ অস্তিত্ব সংকটলৈ ঠেলি দিয়াৰ লগতে সত্ৰৰ সুৰক্ষাৰ নামত ওলোটাই অবৈধ প্ৰব্ৰজনকাৰীকহে সংৰক্ষণ প্ৰদান কৰিব বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ‘প্রব্ৰজন বিৰোধী মঞ্চ’ই। আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মঞ্চৰ উদ্যোগক্তা তথা জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই চৰকাৰৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰে।

সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, সংশোধনী আইনখনৰ জৰিয়তে আঢ়ৈশ বছৰতকৈ পুৰণি কৃতিচিহ্ন আৰু সত্ৰসমূহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধত কেৱল খিলঞ্জীয়া, খিলঞ্জীয়া জনগোষ্ঠী (মৰাণ, মটক, চুতীয়া, কোচৰাজবংশী, আহোম) আৰু পিছপৰা চাহ জনগোষ্ঠীৰ লোকেহে বসবাস কৰিব পাৰিব বুলি নিয়ম কৰা হৈছে। কিন্তু এই আইনত ‘খিলঞ্জীয়া’ৰ যি সংজ্ঞা দিয়া হৈছে— অৰ্থাৎ যিসকলৰ তিনিটা পুৰুষ অসমৰ এটা নিৰ্দিষ্ট এলেকাত বাস কৰি আছে, সেয়াই প্ৰকৃত ভূমিপুত্রসকলৰ বাবে মাৰাত্মক হৈ পৰিছে। কিয়নো, পূৰ্ব বংগীয় মূলৰ বহু লোকে ইতিমধ্যেই অসমত তিনিটাতকৈয়ো অধিক পুৰুষ অতিবাহিত কৰিছে। ইয়াৰ ফলত বৰপেটা, নগাঁও আদিকে ধৰি বিভিন্ন অঞ্চলত সত্ৰৰ প্ৰায় ১৫,২৮৮ বিঘা ভূমি বেদখল কৰি থকা অবৈধ প্ৰব্ৰজনকাৰীসকলে আইনগতভাৱে ‘খিলঞ্জীয়া’ৰ স্বীকৃতি পাই সুৰক্ষিত হৈ পৰিব। এই নিয়মে অসম চুক্তিৰ ৬ নং দফাক সম্পূৰ্ণৰূপে গুৰুত্বহীন কৰি পেলাইছে। ১৯৭১ চনৰ ভিত্তি বৰ্ষ ধৰি অতিৰিক্ত ২০ বছৰৰ বিদেশীৰ বোজা লোৱাৰ বিনিময়ত খিলঞ্জীয়াক যি সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেয়া ব্যাহত হৈছে।
২০১৫ চনৰ উচ্চতম ন্যায়ালয়ৰ আয়োগৰ প্ৰতিবেদন, ২০১৭ চনৰ হৰিশংকৰ ব্ৰহ্ম কমিটী আৰু ২০২০ চনৰ ৬ নং দফা কমিটী— এই সকলোবোৰতেই ১৯৫১ চনৰ NRC বা ভিত্তিবৰ্ষৰ ওপৰত ভিত্তি কৰিহে খিলঞ্জীয়াৰ ভূমি আৰু অধিকাৰ সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছিল। চৰকাৰে এই প্ৰতিবেদনসমূহ কাৰ্যকৰী কৰাৰ আশ্বাস দিয়াতো বাস্তৱত ওলোটা পদক্ষেপহে গ্ৰহণ কৰিলে।
আনহাতে ২০১৬ চনত চৰকাৰী তথ্য মতে ৮০ লাখ আৰু NRCত ১৯.৬৫ লাখ বাদ পৰাৰ বিপৰীতে ২০২৪-২০২৬ চনৰ ভিতৰত মাত্ৰ ১,৬৮৯ জন বিদেশীকহে বিতাড়ন কৰা হৈছে। প্ৰব্ৰজন বিৰোধী মঞ্চই স্পষ্ট কৰি দিয়ে যে অসমৰ প্ৰকৃত সমাধান কেৱল এখন শুদ্ধ আৰু পুনৰীক্ষণ কৰা NRCৰ জৰিয়তেহে সম্ভৱ, য’ত ১৯৫১ চনক ভিত্তি কৰি নাগৰিকত্ব আৰু খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰিব পৰা যাব। এই সংগ্ৰামখনক আৰু অধিক তীব্ৰতৰ কৰি তুলিবলৈ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই নিজৰ আইনী পেছা গুৱাহাটীলৈ স্থানান্তৰ কৰি স্থায়ীভাৱে অসমত থাকি এই অবিৰত অভিযান চলাই নিয়াৰ কথা ঘোষণা কৰে।