সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Tue, Oct 2026

তামুলপুৰত অনুষ্ঠিত ‘সেৱা সংকল্প অভিযান’ত অংশগ্ৰহণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ

তামুলপুৰত অনুষ্ঠিত ‘সেৱা সংকল্প অভিযান’ত অংশগ্ৰহণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ

তামুলপুৰত অনুষ্ঠিত ‘সেৱা সংকল্প অভিযান’ত অংশগ্ৰহণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ

ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৌৰৱোজ্জ্বল ২৫ বছৰীয়া নিৰৱচ্ছিন্ন জনসেৱাক স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে অসম চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি আয়োজন কৰা এমাহজোৰা ‘সেৱা সংকল্প অভিযান’ৰ অংশ হিচাপে আজি তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাঙ্গনত এক বিশেষ সেৱা শিবিৰ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচমশিল্প, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

496318e2-6f57-464f-bfee-ad38d79ea2a2.jpg

উল্লেখ্য যে, যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা অহা ১৭ অক্টোবৰলৈ এমাহজোৰা এই ‘সেৱা সংকল্প অভিযান’ ৰূপায়ণ কৰা হৈছে। জনসেৱা, জনকল্যাণ আৰু নাগৰিককেন্দ্ৰিক সুপ্ৰশাসনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ সুদৃঢ় কৰাৰ সমান্তৰালকৈ চৰকাৰী সেৱাসমূহ সাধাৰণ ৰাইজৰ ওচৰলৈ অধিক ক্ষিপ্ৰতা আৰু ফলপ্ৰসূভাৱে লৈ যোৱাই হৈছে এই অভিযানৰ মূল লক্ষ্য।

এই অভিযানৰ অংশস্বৰূপে অনুষ্ঠিত শিবিৰসমূহত অৰুণোদয়, পি এম কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, আয়ুষ্মান ভাৰত, ৰেচন কাৰ্ড আৰু খাদ্য সুৰক্ষা আঁচনি, পি এম আৱাস যোজনা (গ্ৰামীণ), জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ, পি এম সুৰক্ষা বীমা আৰু জীৱন জ্যোতি বীমা যোজনা, ই-শ্ৰম আৰু শ্ৰমিক কল্যাণ আঁচনি, হৰ ঘৰ জল (জল জীৱন মিছন) আৰু পি এম সূৰ্যোদয় যোজনাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী সেৱাৰ সুবিধা ৰাইজৰ বাবে উপলব্ধ কৰোৱা হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু জনসেৱাসমূহ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ ওচৰলৈ লৈ যোৱাটোৱেই হৈছে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। চৰকাৰী পদক্ষেপসমূহ জনসাধাৰণৰ কাষ চপাই নিয়াৰ লগতে কোনো যাতে যোগ্য হিতাধিকাৰী বঞ্চিত নহয়, সেই বিষয়ত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

উক্ত কাৰ্যসূচীত তামুলপুৰৰ জিলা আয়ুক্ত চিমি কৰণ, অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, ডিআৰডিএ-ৰ ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক গোবিন্দ ৰাভা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তামুলপুৰ সদৰ আৰক্ষী থানা, হস্থাইসুলা ব্ৰহ্মৰ লগতে জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, স্থানীয় গণ্য-মান্য ব্যক্তিসকল তথা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।