মুগা পলুৰ মুখ্য আহাৰ ‘চুম’ গছৰ উৎপাদন বৃদ্ধি আৰু ফাৰ্মখনৰ মুগা ৰেচম উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই ৰোপণ অভিযানৰ আয়োজন কৰা হয়। এই অভিযানৰ অংশস্বৰূপে ফাৰ্মখনত ৬৩ জোপা নতুন চুম গছৰ পুলি ৰোপণ কৰা হয়।১৯৭৯ চনত স্থাপিত ৪ হেক্টৰ কালিৰে পৰিবেষ্টিত টুৰুকপাৰা মুগা নাৰ্চাৰী ফাৰ্মখনত বৰ্তমান প্ৰায় ৯৫০ জোপা চুম গছ আছে। আজিৰ এই পদক্ষেপে ফাৰ্মখনৰ সম্পদ বৃদ্ধি কৰাৰ লগতে স্থানীয় মুগা ৰেচম উদ্যোগটোক অধিক শক্তি প্ৰদান কৰিব।
এই উদ্যোগৰ পৰা ফাৰ্মখনৰ সৈতে জৰিত নূন্যতম ১০ গৰাকী মুগা পালক পোনপটীয়াকৈ উপকৃত হ'ব বুলি আশা কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ৰ ৰেচম উদ্যোগটোক শক্তিশালী কৰা আৰু স্থানীয়ভাৱে উপযোগী পদক্ষেপৰ জৰিয়তে মুগা পালকসকলক সহায় কৰাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। মুগা পলু পুহিবলৈ পৰ্যাপ্ত খাদ্য নিশ্চিত কৰিবলৈ আৰু মুগা পালকসকলৰ উৎপাদনশীলতা তথা জীৱিকাৰ সুযোগ বৃদ্ধি কৰিবলৈ চুম গছৰ ৰোপণ প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ দোহাৰে। অনুষ্ঠানত তেওঁ কেইগৰাকীমান স্থানীয় কৃষকৰ সৈতেও মত বিনিময় কৰে।
‘মিছন চেনেহজৰী’ৰ অধীনত গ্ৰহণ কৰা এই ৰোপণ অভিযানে চুম গছৰ উপলব্ধতা বৃদ্ধি কৰা, মুগা পালকসকলৰ জীৱিকাত সহায় কৰা আৰু অসমৰ বিশ্ববিখ্যাত মুগা ৰেচমৰ উৎপাদন অধিক শক্তিশালী কৰাত বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে।