Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Sat, Jun 2026

হৰমুজ প্ৰণালীত ভয়ংকৰ আক্ৰমণ: ৩ ভাৰতীয় নাৱিকৰ মৃত্যু, নতুন দিল্লীত আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব

হৰমুজ প্ৰণালীত ভয়ংকৰ আক্ৰমণ: ৩ ভাৰতীয় নাৱিকৰ মৃত্যু, নতুন দিল্লীত আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব

এম টি চেটেবেলো’ (MT Cetebello) নামৰ বাণিজ্যিক জাহাজখনত শেহতীয়াকৈ সংঘটিত এক ভয়ংকৰ আক্ৰমণত ৩ জন ভাৰতীয় নাৱিকৰ কৰুণ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। এই মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ভয়াৱহ পৰিণতিয়ে এইবাৰ স্পৰ্শ কৰিলে ভাৰতক। বিশ্বৰ অন্যতম ব্যস্ত আৰু গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ হৰমুজ প্ৰণালীৰ সমীপত বিগত তিনি দিনত তিনিখনকৈ ভাৰতীয় তেল সৰবৰাহকাৰী জাহাজক লক্ষ্য কৰি লোৱা হৈছে।  ‘এম টি চেটেবেলো’ (MT Cetebello) নামৰ বাণিজ্যিক জাহাজখনত শেহতীয়াকৈ সংঘটিত এক ভয়ংকৰ আক্ৰমণত ৩ জন ভাৰতীয় নাৱিকৰ কৰুণ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। এই মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই আক্ৰমণৰ আঁৰত বিশ্বৰ মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাত থকাৰ কথা পোহৰলৈ অহাৰ পিছতে নতুন দিল্লীয়ে এক নজিৰবিহীন আৰু কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব, নতুন দিল্লীৰ তীব্ৰ প্ৰতিবাদ :

ঘটনাটোক কেন্দ্ৰ কৰি ভাৰত আৰু আমেৰিকাৰ মাজত কূটনৈতিক সংঘাত তীব্ৰতৰ হৈ পৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) সমগ্ৰ কাণ্ডটোক অতি গুৰুত্বসহকাৰে লৈ নতুন দিল্লীত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ উপ-প্ৰধান (Deputy Chief of Mission) জেছ’ন মিক্সক (Jason Meeks) জৰুৰীভাৱে তলব কৰে। বৈদেশিক মন্ত্ৰালয়ৰ কাৰ্যালয়ত আমেৰিকান কূটনীতিবিদগৰাকীক মাতি আনি ভাৰত চৰকাৰৰ তৰফৰ পৰা এক আনুষ্ঠানিক ‘কঠোৰ প্ৰতিবাদ পত্ৰ’ অৰ্পণ কৰা হয়।

ভাৰতে স্পষ্ট কৰি দিয়ে যে আন্তঃৰাষ্ট্ৰীয় জলপথত কোনো প্ৰৰোচনা অবিহনে এনেদৰে বাণিজ্যিক জাহাজ আৰু নিৰীহ অসামৰিক নাৱিকসকলক লক্ষ্য কৰি লোৱা কাৰ্য "গভীৰভাৱে উদ্বেগজনক" আৰু ইয়াক কোনো কাৰণতে গ্ৰহণ কৰা নহ’ব। নতুন দিল্লীয়ে তাৎক্ষণিকভাৱে এনে আক্ৰমণ বন্ধ কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় নিয়মানুসাৰে মুক্ত চলাচল তথা বাণিজ্য অব্যাহত ৰাখিবলৈ কঠোৰভাৱে আহ্বান জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গভীৰ শোক আৰু জৰুৰী নিৰ্দেশ :

এই মৰ্মান্তিক অঘটনক লৈ গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। সামাজিক মাধ্যমত এক বিশেষ বাৰ্তা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়— > "এম টি চেটেবেলোত এই মৰ্মান্তিক কাণ্ড অতি দুৰ্ভাগ্যজনক। দুখৰ বিষয় যে প্ৰথমে নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা তিনিজন ভাৰতীয় নাৱিকৰ মৃতদেহ উদ্ধাৰ আৰু চিনাক্তকৰণৰ পিছত এতিয়া মৃত বুলি নিশ্চিত কৰা হৈছে। আমাৰ সামুদ্ৰিক পৰিয়ালটোৰ বাবে এয়া এক গভীৰ ক্ষতি।"

মন্ত্ৰী সোনোৱালে লগতে কয় যে এই কঠিন সময়ত মোডী চৰকাৰ শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকক সকলো ধৰণৰ সহায় কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। আক্ৰমণৰ বলি হোৱা জাহাজখনৰ পৰা ইতিমধ্যে ২১ জন ভাৰতীয় নাৱিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। সোনোৱালে উদ্ধাৰ হোৱা ক্ৰু সদস্যসকলক তৎকালীনভাৱে দেশলৈ ঘূৰাই অনা আৰু নিহত নাৱিকসকলৰ নশ্বৰ দেহ তেওঁলোকৰ শেষ কৃত্যৰ বাবে ক্ষিপ্ৰতাৰে ঘৰলৈ অনাটো নিশ্চিত কৰিবলৈ বিভাগীয় উচ্চপদস্থ বিষয়াসকলক কঠোৰ নিৰ্দেশ দিছে।

---কিয় আক্ৰমণ কৰিলে আমেৰিকাই? পোহৰলৈ আহিছে CENTCOM-ৰ ব্লুপ্ৰিণ্ট :

আমেৰিকাৰ সামৰিক সূত্ৰ আৰু বিষয়াসকলে প্ৰকাশ কৰা মতে, তেওঁলোকৰ কেন্দ্ৰীয় সেনা অৰ্থাৎ CENTCOM (Central Command)-এ ইৰাণৰ ওপৰত আৰোপ কৰা সামুদ্ৰিক অৱৰোধ (Blockade) বলবৎ কৰাৰ বাবে এই অভিযান চলাইছিল। আমেৰিকাৰ অভিযোগ আছিল যে ‘এম টি চেটেবেলো’ জাহাজখনে ইৰাণৰ ওপৰত থকা সামুদ্ৰিক অৱৰোধ উলংঘা কৰি তেল সৰবৰাহ কৰিছিল। কিন্তু ইয়াৰ বলি হ’বলগীয়া হ’ল নিৰীহ ভাৰতীয় নাৱিক।

গোলকীয় ৰাজনীতিৰ বিশেষজ্ঞসকলৰ মতে, এই ঘটনাৰ আঁৰত পাকিস্তানৰ এক কুটিল ভূমিকা থাকিব পাৰে। পাকিস্তানৰ সামৰিক বা কূটনৈতিক শীৰ্ষ মহলে (বিশেষকৈ আছিফ মুনীৰৰ দৰে চক্ৰই) ভাৰতৰ বৰ্ধিত গোলকীয় শক্তিক খৰ্ব কৰিবলৈ আৰু নতুন দিল্লী-ৱাশ্বিংটনৰ সম্পৰ্কত ফাঁট মেলিবলৈ আমেৰিকাক ভুল তথ্যৰে প্ৰভাৱিত কৰিছে নেকি— সেই দিশটোও এতিয়া নুই কৰিব নোৱাৰি।

---ভাৰতৰ ভৱিষ্যত স্থিতি আৰু ইন্ধন সংকটৰ আশংকা : 

হৰমুজ প্ৰণালী বিশ্বৰ খাৰুৱা তেল সৰবৰাহৰ আটাইতকৈ স্পৰ্শকাতৰ লাইফলাইন। এই পথছোৱাত যদি এনেদৰে যুদ্ধসদৃশ পৰিস্থিতি অব্যাহত থাকে, তেন্তে ভাৰতত খাৰুৱা তেল আৰু গেছৰ তীব্ৰ নাটনিৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব।

মন কৰিবলগীয়া যে, হৰমুজ প্ৰণালীৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰতে ওমানৰ পৰা সাগৰৰ তলেৰে পোনপটীয়াকৈ খাৰুৱা তেল আনিবলৈ এটা বৃহৎ পাইপলাইন নিৰ্মাণৰ পৰিকল্পনা কৰিছে। কিন্তু বৰ্তমান মধ্যপ্ৰাচ্যৰ এই উত্তপ্ত পৰিস্থিতিয়ে এই প্ৰকল্পৰ ভৱিষ্যতকো প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিছে। এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে— ভাৰতে কেৱল কূটনৈতিকভাৱে এই সমস্যাৰ সমাধান কৰিব নে নিজৰ স্বাৰ্থ আৰু নাৱিকৰ সুৰক্ষাৰ বাবে মধ্যপ্ৰাচ্যৰ এই সংঘাতত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব? ইয়াৰ উত্তৰ পৰৱৰ্তী সময়ত নতুন দিল্লীৰ পদক্ষেপে স্পষ্ট কৰিব।

#HormuzStrait #MTCetebello #SarbanandaSonowal #MEA #IndianSailorsDeath #IndiaOmanpipeline