Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Sat, Jun 2026

মোদী-শ্বাহৰ ধুমুহাত তচনচ তৃণমূল-কংগ্ৰেছ :

মোদী-শ্বাহৰ ধুমুহাত তচনচ তৃণমূল-কংগ্ৰেছ :

পশ্চিম বংগত মমতাক অকলশৰীয়া কৰি সকলোৰে পলায়ন, দিল্লীৰ পৰা কংগ্ৰেছৰ বৃহৎ প্ৰস্তাৱ!

পশ্চিম বংগৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ পূৰ্বে কেতিয়াও কোনেও নেদেখা এক অভূতপূৰ্ব ধুমুহাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য তথা দেশৰ ৰাজনীতি। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ (TMC) ৰ বৃহৎ পৰাজয়ৰ পিছৰে পৰা দলটোত আৰম্ভ হোৱা খহনীয়া এতিয়া এক ভয়াৱহ ধুমুহাত পৰিণত হৈছে। 'দিদি' বুলি জনাজাত মমতা বেনাৰ্জীৰ সংগ এতিয়া প্ৰায়বোৰ শীৰ্ষ নেতাই ত্যাগ কৰিছে। বৰ্তমান এনেকুৱা অৱস্থা হৈছেগৈ যে বিধানসভাত মমতা বেনাৰ্জীৰ দলটো এতিয়া বিজেপিৰ 'বি টীম' (B-Team) লৈ ৰূপান্তৰিত হোবাৰ নিচিনা হ’ল। খোদ মমতাই নিৰ্বাচন কৰি দিয়া বিধায়িনী দলৰ নেতাগৰাকীকো তেওঁৰ বিধায়কসকলে মিলি পদৰ পৰা ওফৰাই পেলালে। এই বিদ্ৰোহী বিধায়কসকলৰ স্থিতি এতিয়া মমতা বেনাৰ্জীৰ নেতৃত্বৰ পৰা বহু যোজন দূৰত।
        কেৱল বংগৰ বিধানসভাই নহয়, দিল্লীৰ সংসদ ভৱনতো তৃণমূলৰ ভেটি সম্পূৰ্ণৰূপে খহি পৰিছে। লোকসভাৰ সংসদীয় দলটোৱে  বিজেপি নেতৃত্বাধীন এন.ডি.এ. (NDA) ৰ লগত হাত মিলাইছে। দলটোত এতিয়া হয়তো  দুজনমানহে সাংসদ ৰৈছেগৈ। ১০ জুনৰ পুৱাৰে পৰা তৃণমূলৰ ৰাজ্যসভাৰ সাংসদসকলৰ মাজত পদত্যাগৰ এক জোৱাৰ উঠিছে। লোকসভাৰো বহু কেইগৰাকী সাংসদে দল ত্যাগ কৰাৰ খবৰে দিদিৰ শিবিৰত হাহাকাৰ লগাইছে।
    অসমৰ ৰাজনীতিৰ পৰা গৈ বংগৰ পৰা দুবাৰকৈ ৰাজ্যসভাৰ সাংসদ হোৱা শিলচৰৰ প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱেও ১০ জুনৰ দিনা তৃণমূল কংগ্ৰেছৰ লগতে ৰাজ্যসভাৰ সাংসদ পদৰ পৰাও ইস্তফা দিয়ে। সুস্মিতা দেৱক এসময়ত কংগ্ৰেছে বিধায়ক, সাংসদ কৰাৰ লগতে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদ দিছিল। ইয়াৰ পিছতো তেওঁ মমতা বেনাৰ্জীৰ দলত যোগ দি বংগৰ পৰা সাংসদ হৈছিল। কিন্তু দিদিৰ সংকটকালত এতিয়া তেওঁ বিজেপিৰ দুৱাৰ খটখটাবলৈ আৰম্ভ কৰিছে । ককাক, দেউতাক (সন্তোষ মোহন দেৱ) আৰু মাকৰ দিনৰে পৰা এটা ঐতিহ্যমণ্ডিত ৰাজনৈতিক পৰিয়ালৰ উত্তৰাধিকাৰী হৈও সুস্মিতাই যেন এতিয়াও নিজৰ ৰাজনৈতিক গতিপথ সুস্থিৰ কৰিব পৰা নাই।

আনহাতে, মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠ তথা তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী সায়নী ঘোষেও লোকসভাৰ সাংসদ পদ ত্যাগ কৰাৰ খবৰে ৰাজনৈতিক মহলক স্তম্ভিত কৰি তুলিছে।

ইপিনে  দিল্লীৰ পৰা ছোনিয়া গান্ধীৰ বৃহৎ উপহাৰ! কংগ্ৰেছত চামিল হ’ব নেকি TMC?
তৃণমূল কংগ্ৰেছ যেতিয়া সম্পূৰ্ণ ধ্বংসৰ গৰাহত, ঠিক তেনে সময়তে দিল্লীৰ ১০ জনপথৰ পৰা এক বৃহৎ ৰাজনৈতিক খবৰ আহিছে। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক সম্পূৰ্ণৰূপে কংগ্ৰেছ দলত চামিল কৰাৰ এক আকৰ্ষণীয় প্ৰস্তাৱ আগবঢ়াইছে। মমতা বেনাৰ্জীক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ উপাধ্যক্ষ  পদ আৰু অভিষেক বেনাৰ্জীক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। জানিব পৰা মতে, মমতাই এই প্ৰস্তাৱ নাকচ কৰা নাই, বৰঞ্চ বিষয়টো বিবেচনা কৰিবলৈ কংগ্ৰেছ হাইকমাণ্ডৰ পৰা কিছু সময়হে বিচাৰিছে। যদিহে এই ঐতিহাসিক চামিলকৰণ সম্ভৱ হয়, তেন্তে দেশৰ ৰাজনীতিত এক নতুন মেৰুকৰণ দেখিবলৈ পোৱা যাব।
     ৰাজনীতি যে কেৱল ক্ষমতা সৰ্বস্ব, সেই কথা পুনৰ বাৰ প্ৰমাণিত হ’ল। কিন্তু নিজৰ দল আৰু নেতাক বিপদলৈ ঠেলি দি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে নেতাসকলে যি নগ্ন ৰূপ ধাৰণ কৰিছে, সেয়া সাধাৰণ নাগৰিকৰ বাবে সপোনৰো অগোচৰ। মোদী-শ্বাহৰ ধুমুহাত বংগৰ বাঘিনী বুলি জনাজাত মমতা বেনাৰ্জী এতিয়া সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছে। সমগ্ৰ দেশ কঁপাই যোৱা এই ৰাজনৈতিক যুদ্ধৰ পৰৱৰ্তী পৰিণতি কি হ’ব, তালৈ এতিয়া সমগ্ৰ দেশবাসীয়ে উৎসুকতাৰে বাট চাই আছে।