২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
#AssamFlood #What is the real cause of the devastating floods in three districts of Upper Assam ? শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সম্প্ৰতি সৃষ্টি হোৱা বিধ্বংসী বান আৰু জলপ্ৰলয়ৰ ছবিখনে এক অভূতপূৰ্ব শংকাৰ মাজলৈ ঠেলি দিছে। কিন্তু এই জলপ্ৰলয় কেৱল প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট ধ্বংসলীলাৰ এক ভয়ংকৰ পৰিণতি?
নাগালেণ্ডৰ টকলা পাহাৰ আৰু দিখৌৰ তাণ্ডৱ: শিৱসাগৰ-চৰাইদেউৰ মহাপ্ৰলয়ৰ আঁৰৰ ভয়ংকৰ সত্য
বিশেষ প্ৰতিবেদন (প্ৰাইম অসম):
শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সম্প্ৰতি সৃষ্টি হোৱা বিধ্বংসী বান আৰু জলপ্ৰলয়ৰ ছবিখনে এক অভূতপূৰ্ব শংকাৰ মাজলৈ ঠেলি দিছে। কিন্তু এই জলপ্ৰলয় কেৱল প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট ধ্বংসলীলাৰ এক ভয়ংকৰ পৰিণতি?
দিনৰ পোহৰৰ দৰেই স্পষ্ট হৈ পৰিছে যে নাগালেণ্ডৰ থিয় পাহাৰত বিগত কিছু বছৰ ধৰি চলা ব্যাপক পৰিৱেশ আৰু বন ধ্বংসৰ ফলতেই আজি ভৈয়ামৰ এই ভয়ংকৰ দুৰ্দশা।
### পাহাৰ টকলা হ’ল কেনেকৈ?
পৰিবেশৰ পৰিৱৰ্তনসমূহলৈ লক্ষ্য কৰিলে দেখা যায়— ২০১৬ চনলৈকে নাগালেণ্ডৰ যিবোৰ থিয় পাহাৰ ঘন সেউজ অৰণ্যৰে আবৃত হৈ আছিল, ২০২৪-২৫ চনৰ ভিতৰত সেই সমগ্ৰ বনাঞ্চল যেন নোহোৱা হৈ পৰিল!
অবাধ কয়লা খনন : নামচাং আৰু নাগিনীমৰাৰ দৰে সীমান্তৱৰ্তী এলেকাসমূহত কোনো ধৰণৰ সুৰক্ষা আৰু পৰিৱেশ নীতি নমনা কৈ চলোৱা অবৈধ কয়লা খননে পাহাৰবোৰ ভিতৰৰ পৰা ফোঁপোলা কৰি পেলালে। পাহাৰ খান্দি কয়লা উলিওৱাৰ ফলত সৃষ্টি হ’ল হ্ৰদসদৃশ ভয়াৱহ জলাশয়।
নৈৰ বুকুৰ অবৈধ খনন : দিখৌ নৈৰ বুকুৰ পৰা অবিৰত আৰু অবাধ গতিত শিল-বালি উলিওৱাৰ বাবে নৈখনৰ স্বাভাবিক গতিপথ আৰু বহন ক্ষমতা সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ল।
ৰাজনৈতিক সদিচ্ছাৰ অভাৱ : ২০১৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পিছে পিছে অসম আৰু নাগালেণ্ডতো একে মিত্ৰজোঁটৰ চৰকাৰে শাসন চলাই আহিছে। চৰকাৰসমূহৰ প্ৰত্যক্ষ বা পৰোক্ষ পৃষ্ঠপোষকতা নহ’লে এনে ধৰণৰ ব্যাপক পৰিসৰৰ বনাঞ্চল ধ্বংস আৰু অবৈধ খনন সম্ভৱ নহয় বুলি সচেতন মহলে আঙুলিয়াই দিছে।
### ১৯ জুলাইৰ সেই অভিশপ্ত দিনটো
যোৱা ১৯ জুলাইত নাগালেণ্ডৰ পাহাৰীয়া অঞ্চলত এক ডাৱৰ বিস্ফোৰণসদৃশ অতি প্ৰবল বৃষ্টিপাত হয়। নাগালেণ্ডত ১৩৮ কিলোমিটাৰ অতিক্ৰম কৰি অসমত ৯৮ কিলোমিটাৰ বোৱা দিখৌ নৈ আৰু ইয়াৰ শ শ সৰু-বৰ জান-জুৰি সিদিনা একোখন বিধ্বংসী খৰস্ৰোতা নদীলৈ ৰূপান্তৰিত হয়।
গছ-গছনিৰে ভৰপূৰ হৈ থকা পাহাৰে বৰষুণৰ পানী ধৰি ৰাখিব পাৰে, কিন্তু অৰণ্যহীন আৰু কয়লা খাতেৰে ফোঁপোলা হৈ পৰা পাহাৰৰ মাটিয়ে সেই পানী ধৰি ৰাখিব নোৱাৰিলে। ফলত:
১. নাগালেণ্ডৰ দিখৌ পাৰৰ বহু পাহাৰীয়া এলেকাত সৃষ্টি হৈছে ভয়ংকৰ আৰু ভয়াৱহ ফাঁট।
২. নামচাং নাগিনীমৰাৰ অবৈধ কয়লা খাদত জমা হৈ থকা পানী আৰু পাহাৰ খহি অহা মাটি-বোকা একলগে তীব্ৰ গতিত অসমৰ ভৈয়ামলৈ বৈ আহিল।
### দিখৌ জলবিদ্যুৎ প্ৰকল্প আৰু নগা ৰাইজৰ প্ৰতিৰোধ
দিখৌ নৈৰ ওপৰত দুটাকৈ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱ চৰকাৰে দিছিল। কিন্তু নাগালেণ্ডৰ স্থানীয় নগা ৰাইজৰ সচেতনতা আৰু তীব্ৰ প্ৰতিৰোধৰ বাবেই আজিলৈকে দিখৌৰ ওপৰত কোনো নদীবান্ধ নিৰ্মাণ কৰিব পৰা নাই। যদি এই বান্ধ নিৰ্মাণ হ’লহেঁতেন, তেন্তে ১৯ জুলাইৰ দৰে দুৰ্যোগত হয়তো অসমৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিলহেঁতেন।
### মৌন চৰকাৰ, বিপন্ন ৰাইজ :
নাগালেণ্ড চৰকাৰ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ— তিনিওখন চৰকাৰেই স্পষ্টভাৱে জানে যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ এই মহাপ্ৰলয়ৰ কাৰণ কি। কিন্তু সকলো জানিও তেওঁলোক মৌন। পাহাৰৰ আইনী তথা বেআইনী বাণিজ্যই আজি ভৈয়ামৰ লাখ লাখ মানুহৰ জীৱন আৰু গৃহহীনতাৰ মূল কাৰণ।
যদি এতিয়াও নাগালেণ্ডৰ পাহাৰৰ এই অবৈধ খনন আৰু বনাঞ্চল ধ্বংস ৰোধ কৰা নহয়, তেন্তে অনাগত দিনত উজনী অসমৰ প্ৰাকৃতিক অস্তিত্বই সম্পূৰ্ণ নিশ্চিহ্ন হৈ পৰাৰ দিশে গতি কৰিব।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।