ৰাজ্যত পুনৰ চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। ৰাজ্যত ১২,১৯৬ টা বাল্যবিবাহৰ গোচৰ ৰুজু হৈছে ।স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, অসম আৰক্ষীক এই কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। ৩০ দিনীয়া বাল্যবিবাহ বিৰোধী অভিযান চলিব অসমত ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ পুনৰ ৩০ দিনীয়া বাল্যবিবাহ বিৰোধী অভিযান চলিব। গুৱাহাটীৰ খানাপাৰাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক এই কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ দিছে।

বাল্যবিবাহৰ সৈতে জড়িত অবৈধ স্বামী আৰু দোষীসকলক কৰায়ত্ত কৰি আইনৰ আওতালৈ অনা। ২০২১ চনৰ পৰা ২০২৬ চনৰ ভিতৰত ৰাজ্যত ১২,১৯৬ টা বাল্যবিবাহৰ গোচৰ ৰুজু হৈছে আৰু ৯৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ফলত বাল্য বিবাহৰ অপৰাধ কিছু পৰিমাণে হ্ৰাস পাইছে।