২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
প্ৰাইম অসম (গুৱাহাটী): ভাৰতীয় বায়ুসেনাৰ আকাশী শক্তি বৃদ্ধিৰ দিশত আজি এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হ’ল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত বহা Defence Acquisition Council (DAC) ৰ গুৰুত্বপূৰ্ণ বৈঠকত ১১৪ খন অত্যাধুনিক ৰাফেল (Rafale) যুঁজাৰু বিমান ক্ৰয়ৰ প্ৰস্তাৱত আনুষ্ঠানিকভাৱে সেউজ সংকেত দিয়া হৈছে।
কেৱল ৰাফেলেই নহয়, ইয়াৰ লগতে নৌসেনাৰ শক্তি বৃদ্ধিৰ বাবে ৬ খন শক্তিশালী P8i নিৰীক্ষণকাৰী বিমান ক্ৰয়ৰ ক্ষেত্ৰতো অনুমোদন জনোৱা হৈছে।
প্ৰায় ৩.২৫ লাখ কোটি টকা ব্যয় সাপেক্ষে সম্পন্ন হ’বলগীয়া এই চুক্তিখন ভাৰতীয় প্ৰতিৰক্ষা ইতিহাসৰ আটাইতকৈ ডাঙৰ চুক্তিসমূহৰ ভিতৰত অন্যতম। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আগন্তুক ভাৰত ভ্ৰমণৰ ঠিক আগে আগে এই Acceptance of Necessity (AoN) অনুমোদন জনোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
স্কোৱাড্ৰনৰ ঘাটি পূৰণ: বৰ্তমান ভাৰতীয় বায়ুসেনাৰ হাতত ২৯ টা ফাইটাৰ স্কোৱাড্ৰন আছে, কিন্তু দেশৰ আকাশসীমা সুৰক্ষিত কৰিবলৈ অন্ততঃ ৪২ টা স্কোৱাড্ৰনৰ প্ৰয়োজন। এই ১১৪ খন বিমানে সেই বিশাল ঘাটি বহু পৰিমাণে পূৰণ কৰিব।
সীমান্তত চীন-পাক প্ৰত্যাহ্বান: এল অ’ চি (LoC) আৰু এল এ চি (LAC) ত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি বায়ুসেনাই দীৰ্ঘদিন ধৰি এই শক্তিশালী বিমানসমূহ বিচাৰি আছিল।
ডছাল্ট এভিয়েচনৰ সৈতে আলোচনা: DAC-ৰ এই সেউজ সংকেতৰ পাছত এতিয়া ফ্ৰান্সৰ কোম্পানী ডছাল্ট এভিয়েচন (Dassault Aviation) ৰ সৈতে ভাৰত চৰকাৰৰ মূল্য নিৰ্ধাৰণ আৰু আনুষংগিক আলোচনাৰ পথ প্ৰশস্ত হ’ল।
বায়ুসেনাৰ সমান্তৰালকৈ ভাৰতীয় নৌসেনায়ো এই অনুমোদনেৰে লাভান্বিত হ’ব। ৬ খন নতুন P8i বিমান ক্ৰয়ৰ ফলত ভাৰত মহাসাগৰত চীনৰ চোৰাংচোৱাগিৰিৰ ওপৰত অধিক তীক্ষ্ণ নজৰ ৰখা আৰু চাবমেৰিন ধ্বংস কৰাৰ ক্ষমতা বৃদ্ধি পাব।
প্ৰতিৰক্ষা সচিবৰ নেতৃত্বত চলি থকা দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াটোৱে আজি চূড়ান্ত অনুমোদন লাভ কৰাৰ পাছত দেশৰ সামৰিক ক্ষমতা এক নতুন উচ্চতালৈ যাব বুলি আশা কৰা হৈছে।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।