সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Sat, Sep 2026

স্বাভাৱিক কোকৰাঝাৰৰ পৰিস্থিতি

স্বাভাৱিক কোকৰাঝাৰৰ পৰিস্থিতি

ক্ৰমাৎ স্বাভাৱিক অৱস্থাত কোকৰাঝাৰ!পৰিস্থিতি খাম কাটিলেও ভিতৰি অৱ‍্যাহত উত্তেজনা!

 যোৱা কেইদিনমানৰ চেপা উত্তেজনাৰ পিছত আজি কোকৰাঝাৰত পৰিস্থিতি লাহে লাহে স্বাভাৱিক হবলৈ আৰম্ভ কৰিছে। জিলাখনত শান্তি ঘূৰাই আনিবলৈ প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
 যোৱা ১৯ জানুৱাৰীত কাৰিগাঁৱত সংঘটিত এক দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ পিছত যি উত্তেজনাৰ সৃষ্টি হৈছিল, আজি সেই পৰিস্থিতি  প্ৰশাসনে বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।যোৱা ২৪ ঘণ্টাত জিলাখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হোৱা নাই বুলি জিলা প্ৰশাসনে জনায়।
নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ভাৰতীয় সেনাৰ চাৰিটা বিশেষ কলামৰ লগতে ৰেপিড একচন ফ’ৰ্চ (RAF) আৰু চি.আৰ.পি.এফ. (CRPF) বাহিনীয়ে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত 'ফ্লেগ মাৰ্চ' অব্যাহত ৰাখিছে।
জিলাখনত এতিয়াও ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ হৈ আছে। ৪ জনতকৈ অধিক লোকৰ সমাৱেশ, সমদল আৰু কোনো ধৰণৰ ধৰণাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে

হিংসাত্মক পৰিস্থিতিৰ বাবে ঘৰ এৰি অহা প্ৰায় ১২৪০ জন লোকে কাৰিগাঁও আৰু গোৱাজনপুৰী আমানপাৰা হাইস্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। চৰকাৰী মন্ত্ৰী আৰু বি.টি.চি. (BTC) প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই শিবিৰসমূহ পৰিদৰ্শন কৰি পৰিয়ালসমূহক অতি সোনকালে সুৰক্ষিতভাৱে ঘৰলৈ ওভতাই পঠোৱাৰ আশ্বাস প্ৰদান কৰে।