সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Sat, Sep 2026

ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান

ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান

ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান

c8a21fc8-c837-4123-a7ea-d2443100e94e.jpg

ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান 

ভোটাৰ তালিকা সংশোধনৰ নামত বৈধ নাগৰিকৰ ভোটাধিকাৰ কৰ্তন আৰু নিৰ্বাচন আয়োগৰ স্বায়ত্তশাসনক লৈ সৃষ্টি হোৱা গভীৰ উদ্বেগৰ মাজতে "ফ'ৰাম ফৰ ছ'চিয়েল হাৰমনী-নাগৰিক উদ্যোগ"ৰ তৰফৰ পৰা এক সংবাদ মেল আয়োজন কৰা হয়। গুৱাহাটীত অনুষ্ঠিত এই সংবাদ মেলত সংগঠনটোৱে 'Special Intensive Revision' (SIR) প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বাতিল কৰাৰ লগতে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰিবলৈ দাবী জনায়। 
​সংবাদ মেলত প্ৰকাশ কৰা মতে, যোৱা ২০ ছেপ্টেম্বৰত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত এক নাগৰিক অভিৱৰ্তনে অসমত SIR প্ৰক্ৰিয়া মানি নোলোৱাৰ স্পষ্ট স্থিতি গ্ৰহণ কৰিছিল। শেহতীয়াকৈ 'The Indian Express' নামৰ সংবাদ পত্ৰখনে প্ৰকাশ কৰা এক অনুসন্ধানী প্ৰতিবেদনৰ উল্লেখ কৰি সংবাদ মেলত কোৱা হয় যে নিৰ্বাচন আয়োগৰ অভ্যন্তৰতে SIR, ভোটাৰৰ নাম সংযোজন-কৰ্তন আৰু ডাটাবেছ ব্যৱস্থাপশাক লৈ দুজন আয়ুক্তই একাধিকবাৰ লিখিত আপত্তি দৰ্শাইছিল। যোৱা দহ মাহত আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে ১৪বাৰ লিখিত আপত্তি দাখিল কৰাৰ উপৰি Form-6-ৰ কিছু পৰিৱৰ্তনক "অনুগ্ৰহীত" আৰু "অবৈধ" (unauthorised & illegal) বুলি অভিহিত কৰিছিল। এই তথ্যই ২০ ছেপ্টেম্বৰৰ নাগৰিক অভিৱৰ্তনৰ আশংকাক সত্য প্ৰমাণিত কৰা বুলি ফ'ৰামে মন্তব্য কৰে। 
​সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে এয়া কোনো ব্যক্তি বা ৰাজনৈতিক দলৰ বিষয় নহয়, বৰঞ্চ প্ৰতিজন নাগৰিকৰ মৌলিক ভোটাধিকাৰ আৰু ভাৰতীয় গণতন্ত্ৰৰ বিশ্বাসযোগ্যতাৰ প্ৰশ্ন। 
​সংবাদ মেলত ফ'ৰাম ফৰ ছ'চিয়েল হাৰমনী-নাগৰিক উদ্যোগে মুখ্যতঃ চাৰিটা মুখ্য দাবী উত্থাপন কৰে: 
​১/ SIR সম্পূৰ্ণ বাতিল: অসমত চলি থকা SIR প্ৰক্ৰিয়া লগে লগে বাতিল কৰিব লাগে আৰু ইয়াৰ ফলত বাদ পৰা সকলো বৈধ ভোটাৰৰ নাম পুনৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। 
​২/ ভোটাধিকাৰ কৰ্তন বন্ধ: কোনো ভোটাৰৰ নাম কাটি পেলোৱাৰ পূৰ্বে স্বচ্ছ, ন্যায়সংগত আৰু ফলপ্ৰসূ আপীলৰ সুযোগ থাকিব লাগিব। এনেদৰে ভোটাৰ বহিষ্কৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি কোনো নিৰ্বাচন অনুষ্ঠিত কৰিব নালাগে। 
​৩/ আয়োগৰ ভিতৰত স্বচ্ছতা আৰু মুখ্য আয়ুক্তৰ জবাবদিহিতা: বৃহৎ পৰিসৰত ভোটাৰৰ নাম বাদ পৰা ঘটনাৰ স্বতন্ত্ৰ নিৰীক্ষণ (audit) আৰু পৰ্যালোচনা কৰিব লাগিব। মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে স্বৈৰাচাৰী আচৰণৰ অভিযোগ উত্থাপন হৈছে বুলি উল্লেখ কৰি সংগঠনটোৱে কয় যে তেওঁ স্বেচ্ছাই পদত্যাগ নকৰিলে আইনী আৰু সাংবিধানিক প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 
​৪/ আয়োগৰ গণতান্ত্ৰিক পুনৰগঠন আৰু প্ৰত্যক্ষ নিৰ্বাচন: নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে গঠন কৰা বাছনি কমিটীত ভাৰতৰ মুখ্য ন্যায়াধীশক (CJI) পুনৰ অন্তৰ্ভুক্ত কৰিব লাগে। লগতে, জনআস্থা ঘূৰাই আনিবলৈ চিলেকশ্বন কমিটীয়ে কেৱল উপযুক্ত প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিব আৰু জনগণৰ প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচন আয়ুক্তসকলক নিৰ্বাচিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা আৰম্ভ হ'ব লাগে। 
​ভোটাধিকাৰ হৈছে নাগৰিকৰ গণতান্ত্ৰিক অংশগ্ৰহণৰ মূল ভেটি। সেয়ে ভোটাৰ তালিকা সংশোধনৰ নামত যাতে কোনো বৈধ নাগৰিক এই অধিকাৰৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰাটো ৰাষ্ট্ৰ আৰু নিৰ্বাচন আয়োগৰ সাংবিধানিক দায়িত্ব। এই গণতান্ত্ৰিক আৰু সাংবিধানিক সংগ্ৰামক শক্তিশালী কৰিবলৈ অসম তথা দেশৰ সকলো সচেতন নাগৰিক আৰু সামাজিক সংগঠনক ফ'ৰামে ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়।