২০১৪ চনৰ ২৬ মে’ত যেতিয়া নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে শপত গ্ৰহণ কৰিছিল, তেতিয়া দেশখনত আছিল এক পৰিৱৰ্তনৰ আকুলতা। আজি ২০২৬ চনত, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ধাৰাবাহিকভাৱে ৪,৩৯৯ দিন অতিক্ৰম কৰাৰ পিছত, তেওঁ ভাৰতীয় ৰাজনীতিৰ ইতিহাসত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে।
বিগত ১২ বছৰত ভাৰতৰ ৰাজনীতি, অৰ্থনীতি, কূটনীতি আৰু জনমানসত এটা গভীৰ প্ৰভাৱ পৰিছে। সমৰ্থক আৰু সমালোচক উভয়েই স্বীকাৰ কৰে যে এই সময়ছোৱাত দেশৰ সামগ্ৰিক দিশটোৰ এক অভূতপূৰ্ব ৰূপান্তৰ ঘটিছে। তলত ইয়াৰ এক অৰাজনৈতিক আৰু বাস্তৱসন্মত খতিয়ান দাঙি ধৰা হ’ল:
১. ৰাজনৈতিক মানচিত্ৰৰ সম্প্ৰসাৰণ :
২০১৪ চনত বিজেপি মাত্ৰ ৭খন ৰাজ্যত ক্ষমতাত আছিল বা মিত্ৰজোঁটৰ অংশীদাৰ আছিল। কিন্তু বিগত ১২ বছৰত মোদীৰ নেতৃত্বত দলটোৱে সমগ্ৰ দেশতে নিজৰ সাংগঠনিক ভেটি ইমানেই শক্তিশালী কৰিলে যে এটা সময়ত দেশৰ ২২খন ৰাজ্যত বিজেপি বা NDA চৰকাৰ গঠন হ’বলৈ সক্ষম হ’ল। এয়া কেৱল এক নিৰ্বাচনী জয় নহয়, বৰঞ্চ ভাৰতৰ আঞ্চলিক ৰাজনীতিৰ চৰিত্ৰ সলনি কৰাৰ এক স্পষ্ট প্ৰমাণ।
২. উন্নয়ন আৰু ডিজিটেল ভাৰতৰ পৰিসংখ্যা :
মোদী যুগৰ আটাইতকৈ ডাঙৰ সফলতা হৈছে আন্তঃগাঁথনিৰ উন্নয়ন আৰু কল্যাণকামী আঁচনিসমূহৰ পোনপটীয়া ৰূপায়ণ ।
ডিজিটেল বিপ্লৱ :
UPI ব্যৱস্থাৰ জৰিয়তে ভাৰত আজি বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিজিটেল লেনদেনকাৰী দেশ।
আন্তঃগাঁথনি :
হাইৱে নিৰ্মাণৰ গতি দুগুণলৈ বৃদ্ধি, উচ্চ গতিৰ 'বন্দে ভাৰত' ৰেলৰ সম্প্ৰসাৰণ আৰু ঘৰে ঘৰে বিদ্যুৎ ও বিশুদ্ধ খোৱাপানী যোগান ।
দৰিদ্ৰ কল্যাণ :
'PM-Kisan', 'আয়ুষ্মান ভাৰত' আৰু বিনামূলীয়া খাদ্য শস্য যোগানে দেশৰ এটা বিশাল অংশক অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰিছে।
৩. বৈশ্বিক কূটনীতি:
ভাৰত এতিয়া বিশ্ববন্ধু ৷ ২০১৪ চনৰ আগৰ তুলনাত বৰ্তমান বিশ্বমঞ্চত ভাৰতৰ কণ্ঠস্বৰ বহুখিনি শক্তিশালী হৈছে। ইউক্ৰেইন সংকট হওক বা G-20 অধ্যক্ষতাই হওক, মোদী চৰকাৰে ‘ৰাষ্ট্ৰ প্ৰথম’ (Nation First) নীতিৰে এক স্বতন্ত্ৰ বৈদেশিক নীতি চলাই আহিছে। আমেৰিকা, ইউৰোপ আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক কৌশলগতভাৱে এক নতুন উচ্চতালৈ গতি কৰিছে।
অসম আৰু উত্তৰ-পূৰ্বাঞ্চল:
দিল্লীৰ দৃষ্টি বহুখিনি সলনি হ’ল ৷ বিগত ১২ বছৰত যদি কোনো এটা অঞ্চলৰ ভাগ্য আটাইতকৈ বেছি সলনি হৈছে, সেয়া হৈছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল। অতীতত দিল্লীৰ বাবে উত্তৰ-পূৰ্বাঞ্চল আছিল এক ‘প্ৰান্তীয় অঞ্চল’, কিন্তু মোদী চৰকাৰে ইয়াক ভাৰতৰ অষ্টলক্ষ্মী আৰু ‘এক্ট ইষ্ট পলিচি’ৰ (Act East Policy) মূল দুৱাৰ হিচাপে গঢ়ি তুলিলে।
প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে অভিলেখ সংখ্যক বাৰ অসম ভ্ৰমণ কৰিছে, যিটো পূৰ্বৰ কোনো এজন প্ৰধানমন্ত্ৰীৰ দিনত হোৱা নাছিল।
বিগত এই সময়ছোৱাত অসমে কি পালে?
যোগাযোগৰ অভূতপূৰ্ব উন্নয়ন :
বগীবিল দলং, ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া) আদিকে দীৰ্ঘদিন ধৰি ওলমি থকা প্ৰকল্পসমূহ এই সময়ছোৱাতে সম্পূৰ্ণ আৰু কাৰ্যক্ষম হ’ল। অসমত বৰ্তমান বন্দে ভাৰত ট্ৰেইন, ৰেলপথৰ সম্প্ৰসাৰণ, ৰেলৰ বৈদ্যুতিকীকৰণ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ খিলঞ্জীয়া সমাজৰ বাবে আশীৰ্বাদ হৈ পৰিছে।
শান্তি আৰু সুস্থিৰতা :
আলফা (ULFA) আৰু বড়ো চুক্তিকে ধৰি বিভিন্ন সশস্ত্ৰ সংগঠনৰ সৈতে ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হ’ল। AFSPA-ৰ পৰিসৰ অসমৰ বেছিভাগ জিলাৰ পৰাই প্ৰত্যাহাৰ কৰা হ’ল।
সাংস্কৃতিক স্বীকৃতি :
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন, শ্ৰীমন্ত শংকৰদেৱৰ চৰ্চা আৰু অসমৰ ‘চৰাইদেউ মৈদাম’ক ইউনেস্ক’ৰ (UNESCO) বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক ’ভাৰত ৰত্ন’ প্ৰদান কৰি মহান শিল্পী গৰাকীক সন্মান প্ৰদৰ্শন কৰে ৷ এই সকলোবোৰে অসমীয়াৰ স্বাভিমানক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিলে।
স্বাস্থ্য আৰু শিক্ষা :
গুৱাহাটী এইমছ (AIIMS) স্থাপন আৰু প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণে অসমক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।
কিন্তু অসমে কি পাবলৈ বাকী আছে?
প্ৰগতিৰ মাজতো অসমৰ কিছুমান পুৰণি সমস্যাৰ স্থায়ী সমাধান এতিয়াও বাকী আছে ৷ বানপানী সমস্যাক এতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা বা ইয়াৰ কোনো স্থায়ী বৈজ্ঞানিক সমাধান সূত্ৰ ওলোৱা নাই। যোগাযোগ ব্যৱস্থা, যাতায়ত আদি উন্নত হ’লেও নামনি আৰু উজনি অসমত বৃহৎ উদ্যোগ স্থাপনৰ গতি এতিয়াও মন্থৰ, যাৰ বাবে শিক্ষিত যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ প্ৰৱণতা সম্পূৰ্ণৰূপে হ্ৰাস পোৱা নাই। তাৰোপৰি সকলোতকৈ ডাঙৰ বিদেশী সমস্যাটো এতিয়াও সমস্যা হৈয়ে আছে ৷ বিদেশী নাগৰিকৰ সমস্যা আৰু এনআৰচি (NRC) প্ৰক্ৰিয়াটো এতিয়াও এক জটিল আৱৰ্তৰ মাজতে আবদ্ধ হৈ আছে। অসমীয়া খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোত কোনো ইতিবাচক সিদ্ধান্ত হোৱা নাই ৷
সমৰ্থক আৰু সমালোচকৰ দৃষ্টিত মোদী যুগ : -
সমৰ্থকৰ দৃষ্টিভংগীৰে অনুচ্ছেদ ৩৭০ বাতিল, ৰাম মন্দিৰ নিৰ্মাণ আৰু সুদৃঢ় সুৰক্ষা নীতিৰ জৰিয়তে দেশৰ অখণ্ডতা ৰক্ষাই সবল নেতৃত্বৰ প্ৰতিফলন ঘটিছে ৷ ইপিনে বিৰোধীৰ অভিযোগ যে চিবিআই, ইডি আদি কেন্দ্ৰীয় সংস্থাসমূহৰ অপ্ৰয়োজনীয়ভাবে অতিমাত্ৰা ব্যৱহাৰ হৈছে। ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতিলৈ উন্নীত হোৱা আৰু ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত'ৰ লক্ষ্য নিৰ্ধাৰণৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণ, বৰ্ধিত সামগ্ৰীৰ মূল্য আৰু যুৱ প্ৰজন্মৰ সংস্থাপনহীনতাৰ মাজত ককবকাই আছে ৷ সমালোচকসকলৰ মতে, ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত এক ধৰণৰ বিভাজন বৃদ্ধি পাইছে।
এয়া হ’ল দেশৰ আশা, আস্থা আৰু আশ্বাসৰ ১২ বছৰ ৷ ২০১৪ চনৰ যি যাত্ৰা কেৱল এটা আশা লৈ আৰম্ভ হৈছিল, ২০১৯ চনত সেয়া জনসাধাৰণৰ আস্থা লৈ ৰূপান্তৰিত হ’ল আৰু আজি ২০২৬ চনত উপনীত হৈ ক’ব পাৰি যে মোদী চৰকাৰে দেশবাসীক এক স্থিৰ আৰু শক্তিশালী ভাৰতৰ আশ্বাস প্ৰদান কৰিবলৈ সক্ষম হৈছে। যিকোনো জীৱন্ত গণতন্ত্ৰতে চৰকাৰ এখনৰ ত্ৰুটি-বিচ্যুতি থকাটো স্বাভাৱিক আৰু সমালোচকে দেখুৱাই দিয়া প্ৰত্যাহ্বানসমূহো সত্য। কিন্তু সামগ্ৰিকভাৱে, এক অৰাজনৈতিক দৃষ্টিৰে চালে দেখা যায় যে নৰেন্দ্ৰ মোদীৰ এই ৪,৩৯৯ দিনৰ কাৰ্যকালে ভাৰতক এক আত্মবিশ্বাসী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিলে, য’ত দিল্লী আৰু দিছপুৰৰ মাজৰ দূৰত্ব চিৰদিনৰ বাবে কমি গ’ল।