পুঁজিৰ সদব্যৱহাৰ সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ
৬ ছেপ্টেম্বৰ : মহিলা আৰু শিশু বিকাশ আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি নীতি আয়োগে নিৰ্ধাৰণ কৰা দুখন অভিলাষী জিলা ওদালগুৰি আৰু দৰঙত মহিলা আৰু শিশু বিকাশ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

মন্ত্ৰীগৰাকী প্ৰথমে ওদালগুৰিত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে জিলাখনত নিৰ্মীয়মান ১৫২ টা অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ কাম অহা নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত নিৰ্মাণ সমিতিৰ ফালৰ পৰা কোনো অসহযোগ পালে আজিৰ সভাৰ সিদ্ধান্তমৰ্মে এজন চৰকাৰী বিষয়াক নিয়োগ কৰি দায়িত্ব অৰ্পণ কৰিবলৈ তেওঁ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। তেওঁ কয় যে ৰাজ্যৰ সমান্তৰালভাৱে বি টি আৰৰ সম বিকাশ নিশ্চিত কৰাৰ বাবে পুঁজিৰ সদব্যৱহাৰ কৰাটো নিতান্তই প্ৰয়োজনীয়। তেওঁ অংগনৱাড়ী কেন্দ্ৰসমূহ আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন হলেই নহ'ব, এই প্ৰক্ৰিয়া দ্ৰুততৰ হ'ব লাগিব। আনহাতে সীমান্ত অঞ্চলত নাৰী আৰু শিশু সৰবৰাহৰ বৰ্ধিত হাৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এনে এলেকাসমূহত বেটি বচাও বেটি পঢ়াও কাৰ্যসূচীৰ অধীনত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে নাৰী আৰু শিশুসকলৰ সুৰক্ষা হৈছে সমাজ এখনৰ ভেটি। তেওঁ বি টি আৰৰ ৫ খন জিলা যাতে মহিলাৰ বিৰুদ্ধে অপৰাধ শূন্য হয় আৰু বাল্য বিবাহ নোহোৱা হয় সেয়া নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বি টি আৰৰ গৰ্ভৱতী মাতৃসকল আৰু অংগনৱাড়ী কেন্দ্ৰসমূহত শিশুৱে যাতে পুষ্টিকৰ খাদ্য খাবলৈ পায় সেয়া নিশ্চিত কৰাটো আমাৰ দায়িত্ব বুলি তেওঁ উল্লেখ কৰে।
আজিৰ সভাত পশুপালন আৰু পশু চিকিৎসা আৰু মীন মন্ত্ৰী তথা ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱী, বি টি চিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, টংলা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা, ভেৰগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো আৰু জিলা আয়ুক্ত পুলক পাটগিৰিৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত আছিল।
ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে মঙলদৈত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মহিলা আৰু শিশু বিকাশ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে সংহত শিশু উন্নয়ন প্ৰকল্পসমূহ কেৱল প্ৰকল্প নহয়, ই এক অভিযান। শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু মহিলা আৰু শিশু বিকাশ বিভাগে সমন্বয়েৰে কাম কৰিলেহে এই অভিযানক সফল ৰূপ দিয়াটো সম্ভৱ হ'ব। তেওঁ দৰং জিলাত নিৰ্মীয়মান ১০৫ টা অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ কাম শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ বাল্য বিবাহ, ড্ৰাগছৰ প্ৰচলন, নাৰী আৰু শিশু সৰবৰাহ আদিৰ বিৰুদ্ধে ব্যাপক জনসজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ঐক্যবদ্ধভাৱে এক অভিযানৰ মানসিকতাৰে কাম কৰিব পাৰিলেহে এই ব্যাধিসমূহ সমাজৰ পৰা দূৰ কৰিব পৰা যাব। তেওঁ দুয়োখন জিলাতে আগন্তুক পোষণ অভিযান আৰু অংগনৱাড়ী উৎসৱ সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিয়ে দুয়োখন জিলাই নীতি আয়োগে নিৰ্ধাৰণ কৰা অভিলাষী জিলা হোৱা হেতু প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণত বিশেষভাৱে গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়।
সভাত মন্ত্ৰী নীলিমা দেৱী, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত আয়ুষী জৈন আৰু ভালেমান গণ্যমান্য ব্যক্তি আৰু বিভাগীয় বিষয়াসকল উপস্থিত আছিল।