সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Sat, Sep 2026

অসম ভূমি ৰাজহ আইন ২০২৬ৰ নতুন সংজ্ঞাক লৈ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তীব্ৰ বিৰোধিতা, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ ​বিশেষ পত্ৰ প্ৰেৰণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

অসম ভূমি ৰাজহ আইন ২০২৬ৰ নতুন সংজ্ঞাক লৈ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তীব্ৰ বিৰোধিতা, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ ​বিশেষ পত্ৰ প্ৰেৰণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

অসম ভূমি ৰাজহ আইন ২০২৬ৰ নতুন সংজ্ঞাক লৈ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তীব্ৰ বিৰোধিতা , প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ ​বিশেষ পত্ৰ প্ৰেৰণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

chatgpt-image-sep-21-2026-04-14-59-pm.png

অসম চৰকাৰে আনিবলৈ লোৱা ‘অসম ভূমি ৰাজহ আইন ২০২৬’ত অন্তৰ্ভুক্ত কৰা খিলঞ্জীয়াৰ নতুন সংজ্ঞাক লৈ তীব্ৰ উদ্বেগ আৰু বিৰোধিতা প্ৰকাশ কৰিছে ‘প্ৰব্ৰজন বিৰোধী মঞ্চ’ই। আইনখনৰ গুৰুতৰ প্ৰভাৱ আৰু ত্ৰুটিসমূহ আঙুলিয়াই দি সংগঠনটোৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ কেন্দ্ৰীয় সংগঠন সচিব বি. এল. সন্তোষ আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পৰিবৰ্তন আয়োগৰ অধ্যক্ষ ন্যায়ধীশ পি. পি. নাওলেকৰলৈ এক বিশেষ আবেদন পত্ৰ প্ৰেৰণ কৰা হৈছে।  
​প্ৰব্ৰজন বিৰোধী মঞ্চই অভিযোগ কৰা অনুসৰি, এই আইনখনৰ জৰিয়তে অসমৰ খিলঞ্জীয়া, পূৰ্ববঙ্গীয় মূলৰ লোক আৰু অনা-অসমীয়াক একেটা বৰ্গতে অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব।  
ইয়াৰ উপৰিও সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে চৰকাৰে প্ৰচাৰ কৰা ধৰণে এই আইনৰ ভিত্তি বৰ্ষ ১৯৩১ চন নহয়। চৰকাৰী পক্ষই তিনিটা প্ৰজন্মৰ প্ৰত্যেকৰে ২৫ বছৰকৈ মুঠ ৭৫ বছৰৰ হিচাপ দেখুৱাই ১৯৩১ চনক ভিত্তি বৰ্ষ বুলি দাবি কৰিছে যদিও আইনগতভাৱে ইয়াৰ সুৰুঙা বেলেগ।  
​নতুন সংজ্ঞা অনুসৰি, ২০০৬ চনৰ পূৰ্বে তিনিটা প্ৰজন্মই অসমত ২৫ বছৰকৈ বসবাস কৰিব লাগিব। কিন্তু এই সংজ্ঞাত তিনিটা প্ৰজন্ম 'এটাৰ পিছত আনটো' হ'ব লাগিব বুলি কোনো উল্লেখ নাই। ফলত, ১৯৭৯ চনত বাংলাদেশৰ পৰা অহা কোনো পৰিয়ালৰ পিতৃ, পুত্ৰ আৰু নাতি—এই তিনিটা প্ৰজন্মই যদি ২০০৬ চনৰ পূৰ্বে একালগে ২৫ বছৰ বসবাস কৰিছে, তেন্তে তেওঁলোকেও আইনীভাৱে 'খিলঞ্জীয়া'ৰ স্বীকৃতি পাব। অৰ্থাৎ আইনীভাৱে ইয়াৰ ভিত্তি বৰ্ষ ১৯৩১ৰ সলনি ১৯৭৯ চনহে হ’ব। আনহাতে মঞ্চৰ দাবী অনুসৰি, ২০২১ চনত নগাঁও আৰু কামৰূপ জিলাত কৰা ক্ষেত্ৰভিত্তিক তদন্তত দেখা গৈছিল যে এন.আৰ.চি.ত প্ৰায় ২৫ লাখ বাংলাদেশী লোকৰ নাম ভুৱাকৈ অন্তৰ্ভুক্ত হৈছিল। এন.আৰ.চি.ৰ পুনৰীক্ষণ হ’লে এইসকল লোক বাদ পৰাটো নিশ্চিত আছিল। কিন্তু নতুন ভূমি ৰাজহ আইনৰ এই সুৰুঙাৰ জৰিয়তে ১৯৭৯ চনত অহা এইসকল বাংলাদেশী লোকক 'খিলঞ্জীয়া' সজাই সুৰক্ষা দিয়াৰ আইনী পথ প্ৰশস্ত কৰা হৈছে, যিটো দেশৰ নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰতি চৰম ভাবুকিস্বৰূপ।  
​ইয়াৰ উপৰিও আইনখনৰ জৰিয়তে সত্ৰৰ বেদখলীকৃত ভূমি মুক্ত কৰাৰ কথা কোৱা হৈছে যদিও মঞ্চই কয় যে ‘অসম ভূমি বেদখল আইন ২০১০’ৰ জৰিয়তে ইতিমধ্যে বেদখল উচ্ছেদৰ ব্যৱস্থা আছেই। এই নতুন সংশোধনীয়ে সত্ৰৰ ভূমি উদ্ধাৰ কৰাৰ বিপৰীতে বেদখলকাৰীকহে আইনী সুৰক্ষা প্ৰদান কৰিব।  
​আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ আবিৰ্ভাৱ তিথিৰ শুভ ক্ষণত প্ৰব্ৰজন বিৰোধী মঞ্চই আশাৰে আবেদন জনাইছে যাতে গুৰুজনাই নামঘৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ়ি তোলা বৃহত্তৰ অসমীয়া জাতিৰ পৰিচয় আৰু সত্ৰ-নামঘৰসমূহ প্ৰকৃতাৰ্থত অক্ষুণ্ণ ৰখাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই এই বিষয়টোত জৰুৰী হস্তক্ষেপ কৰে।