সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Fri, Jul 2026

জোনবিলৰ পাৰত ঐতিহাসিক জোনবিল মেলা

জোনবিলৰ পাৰত ঐতিহাসিক জোনবিল মেলা

জোনবিলৰ পাৰত সম্প্ৰীতিৰ মেলা ,আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা

    আজিও সজীৱ হৈ আছে ৫০০ বছৰীয়া বিনিময় প্ৰথা।টকা-পইচাৰ নহয়, মৰমৰ আদান-প্ৰদান; তিৱা ৰজাৰ উপস্থিতিত বিৰাজ উখল-মাখল পৰিৱেশৰ

     সমগ্ৰ ৰাজ্যতে ভোগালীৰ উছাহ চলি থকাৰ মাজতেই প্ৰত‍্যেক বছৰে মৰিগাওঁ জিলাৰ জাগিৰোডত দেখা গৈছে এক অনন্য দৃশ্য। জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত আজিৰে পৰা আৰম্ভ হৈছে সম্প্ৰীতিৰ মহা-মিলনভূমি 'জোনবিল মেলা'। বিজ্ঞান আৰু প্ৰযুক্তিৰ এই যুগত যি সময়ত সমগ্ৰ বিশ্বই ডিজিটেল লেনদেনত ব্যস্ত, তেনে সময়তে আজিৰ দিনটোতো জোনবিলৰ পাৰত চলিছে বিনিময় প্ৰথা। পাহাৰৰ পৰা নামি অহা আমাৰ তিৱা, কাৰ্বি ভাই-ভনীসকলে লৈ অহা আদা, হালধি, কচুৰ বিনিময়ত ভৈয়ামৰ ৰাইজে আগবঢ়াইছে সান্দহ, পিঠা আৰু শুকান মাছ।এই প্ৰথাই কঢ়িয়াই আনে সম্প্ৰীতিৰ নিদৰ্শন

   মেলাৰ আন এক বিশেষ আকৰ্ষণ হ’ল তিৱা ৰজাৰ উপস্থিতি। মধ‍্য যোগৰ পৰাই আৰম্ভ হোৱা এই মেলাত গোভা ৰজাই তেওঁৰ পাত্ৰ-মন্ত্ৰীসকলৰ সৈতে মেলা পৰিদৰ্শন কৰে আৰু ৰাইজৰ পৰা কৰ-কাটল সংগ্ৰহ কৰাৰ এক পৰম্পৰাগত ৰীতি পালন কৰে। নিশা জোনবিলৰ পাৰত মেলাৰ বাবে অহা লোকসকলে সমুহীয়াভাৱে এসাঁজ খোৱাৰ পৰম্পৰাও অতি মনোমোহা।

    মেলাৰ আন এক বিশেষ আকৰ্ষণ হৈছে সমূহীয়া মৎস‍্য চিকাৰ, য’ত জাতি-ধৰ্ম- বৰ্ণ নিৰ্বিশেষে শ শ লোক একত্ৰিত হৈ জোনবিলৰ বুকুত মাছ ধৰিবলৈ ভিৰ কৰিছে।

        উল্লেখ্য যে, এই ঐতিহাসিক মেলাত পৰম্পৰাগত ৰাজদৰবাৰো অনুষ্ঠিত হ’ব, য’ত গোভা ৰজাৰ লগতে বিভিন্ন জনজাতীয় মূৰব্বীসকলে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই মেলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু মেলাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰী সাহায্যৰো কথা ঘোষণা কৰিছে।