২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা , অসমীয়া সংস্কৃতিৰ আকাশৰ এক জ্যোতিৰ্ময় নক্ষত্র, যাৰ সৃষ্টিৰ অবিহনে আমাৰ ভাষা-সংস্কৃতি আধৰুৱা, সেইগৰাকী মহান বিপ্লৱী, সুধীন্দ্ৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
হেৰ’ বিপ্লৱী বিদ্ৰোহী বীৰ!
তোল তোৰ অৱনত শিৰ।
অতদিন তই আছিলি সুসুপ্ত
পৰ পদানত,
নিৰ্যাতিত নিপীড়িত,
দলিত, পতিত…?
আজি এই নতুন যুগত হ তই জাগ্ৰত
আজি বিষ্ণুৰাভা দিৱস। অসমীয়া সংস্কৃতিৰ আকাশৰ এক জ্যোতিৰ্ময় নক্ষত্র, যাৰ সৃষ্টিৰ অবিহনে আমাৰ ভাষা-সংস্কৃতি আধৰুৱা, সেইগৰাকী মহান বিপ্লৱী, সুধীন্দ্ৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেওঁ কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ আছিল লুইতৰ পাৰৰ এক প্ৰবল ধুমুহা, শোষিত-বঞ্চিত মানুহৰ বুকুৰ আপোন তেজ। ১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী মহানায়কৰ সমগ্ৰ জীৱন আছিল এক সংগ্ৰাম। তেওঁ হাতত তুলি লৈছিল তুলিকা, ওঁঠত তুলি লৈছিল বাঁহী আৰু বুকুত বান্ধি লৈছিল দেশমাতৃৰ মুক্তিৰ গান।
লোহাৰ শিকলি ভাঙ্,
ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্
দাসৰ বান্ধোন ছিঙ্।
খোল খোল খোল খোল
কাৰাৰ ফাটক খোল,
ভাঙ্ ভাঙ্
দুৱাৰৰ দাং।
শুন সৌৱা শুন শুন
ঘোষিছে ৰণ বিষাণ,
মুক্ত আকাশে উৰে
দীপ্ত ৰঙা নিচান,
ৰক্তেৰে ৰঞ্জিত
সূৰুয উদীয়মান
শুন মুকুতিৰ সূৰুযৰ আহ্বান
হালোৱা হজুৱা হেৰ’ মজুৰ কিচান।
মুক্তিমান মুক্তিমান মুক্তিমান!
শোষকৰ দল আজি হ’ব অৱসান
পেষকৰ সঁচ কৰ সাং
বিষ্ণু ৰাভাৰ নামটোৱেই প্ৰতিজন অসমীয়াৰ গাত এক শিহৰণ তোলে। তেওঁৰ বহুমুখী প্ৰতিভাই সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল। তেওঁ একাধাৰে আছিল কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, চিত্ৰকৰ, নৃত্যবিদ আৰু অভিনেতা। কাশী হিন্দু বিশ্ববিদ্যালয়ত তেওঁৰ নৃত্য প্ৰদৰ্শন চাই মোহিত হৈয়েই ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' উপাধিৰে বিভূষিত কৰিছিল।
কিন্তু তেওঁ কেৱল মঞ্চৰ শিল্পী হৈ থকিব নিবিচাৰিলে। তেওঁ ওলাই আহিল ৰাজপথলৈ। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামত নামি পৰাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি আত্মগোপন কৰিবলগীয়া হৈছিল। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে ৷ পাছলৈ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসো খাটে৷ সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। তেওঁ অসমৰ গাঁৱে-ভূঁইয়ে ঘূৰি জনজাতীয় সংস্কৃতিসমূহক বুটলি একত্ৰিত কৰিছিল।
সঁচাকৈ, তেওঁ আছিল সমন্বয়ৰ প্ৰতীক। বড়ো, ৰাভা, মিছমি, কাৰ্বি— সকলো জনগোষ্ঠীক তেওঁ সাৱটি ধৰিছিল বুকুৰ মাজত। তেওঁৰ গীতবোৰত কেৱল প্ৰেম আৰু প্ৰকৃতিৰ সুৰেই নাছিল, আছিল গণ-চেতনাৰ অগ্নিময় আহ্বান।
১৯৬৯ চনৰ ২০ জুন তাৰিখে এইগৰাকী মহান বিপ্লৱীয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈ তেজপুৰত ইহলীলা সম্বৰণ কৰে। শাৰীৰিকভাৱে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ’ল, কিন্তু তেওঁ থৈ যোৱা আদৰ্শ, তেওঁৰ গীত-মাত আমাৰ বুকুত সদায় সজীৱ হৈ থাকিব। তেখেতৰ পবিত্ৰ মৃত্যু তিথিৰ দিনটোক সমগ্ৰ অসমে "বিষ্ণুৰাভা দিৱস" হিচাপে পালন কৰে।
আজিৰ এই পবিত্ৰ ক্ষণত আমি সঙ্কল্প লওঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সেই বিশাল সমন্বয়ৰ আদৰ্শৰে আমি অসমীয়া জাতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিম।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।