২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
আমেৰিকা-ইৰাণৰ চুক্তিৰ সুফল: হৰমুজ প্ৰণালী অতিক্ৰমি ভাৰত অভিমুখে ৰাওনা ৩০ খন মালবাহী জাহাজ (30 cargo ships cross the Strait of Hormuz to India). এতিয়াও ভাৰতমুখী ২৬ খন জাহাজ পাৰ্চিয়ান উপসাগৰত (Persian Gulf) সুৰক্ষিতভাৱে পাৰ হ’বলৈ অপেক্ষা কৰি আছে।
ডিজিটেল ডেস্ক, প্ৰাইম অসম, ২৬ জুন:
বিশ্ব বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ জলপথ হৰমুজ প্ৰণালী (Strait of Hormuz) অতিক্ৰম কৰি ভাৰতলৈ আহিবলগীয়া ৩০ খনকৈ মালবাহী জাহাজ এতিয়া সম্পূৰ্ণ সুৰক্ষিতভাৱে নিজৰ গন্তব্যস্থান অভিমুখে ৰাওনা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত শেহতীয়াকৈ স্বাক্ষৰিত হোৱা এক ঐতিহাসিক বুজাবুজি চুক্তিৰ (MoU) পিছতে এই স্পৰ্শকাতৰ জলপথছোৱাত জাহাজ চলাচল স্বাভাৱিক হৈ পৰিছে, যাৰ ফলত দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্ত পৰিছে।
ভাৰতমুখী এই ৩০ খন সুৰক্ষিত জাহাজৰ ভিতৰত ইন্ধন আৰু বাণিজ্যিক সামগ্ৰী কঢ়িওৱা জাহাজ আছে ৷ এলপিজি (LPG) আৰু এলএনজি (LNG) কঢ়িয়াই অনা ১৫ খন জাহাজ, বাল্ক কাৰ্গো (Bulk Cargo) জাহাজ ৮ খন আৰু খাৰুৱা তেল কঢ়িওৱা জাহাজ (Crude Oil Tankers) ৭ খন জাহাজ ইতিমধ্যে ভাৰত অভিমুখে যাত্ৰা আৰম্ভ কৰিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি, এই প্ৰক্ৰিয়াটো পৰ্যায়ক্ৰমে সম্পন্ন হৈছে। প্ৰাৰম্ভিক পৰ্যায়ত ১৯ খন জাহাজে সফলতাৰে এই হৰমুজ প্ৰণালী পাৰ হৈছিল। পৰৱৰ্তী সময়ত আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আৰু ১১ খন জাহাজে সুৰক্ষিতভাৱে নিজৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হয়।
অৱশ্যে, এতিয়াও ভাৰতমুখী ২৬ খন জাহাজ পাৰ্চিয়ান উপসাগৰত (Persian Gulf) সুৰক্ষিতভাৱে পাৰ হ’বলৈ অপেক্ষা কৰি আছে। পৰিস্থিতি স্বাভাৱিক হোৱালৈ চাই এই জাহাজসমূহো অতি সোনকালে নিজ নিজ গন্তব্যস্থানলৈ ৰাওনা হ'ব বুলি আশা কৰা হৈছে।
ভাৰতৰ শক্তি সুৰক্ষা আৰু অৰ্থনীতিৰ বাবে হৰমুজ প্ৰণালীৰ জলপথ অত্যন্ত গুৰুত্বপূৰ্ণ।
আমেৰিকা আৰু ইৰাণৰ মাজৰ এই কূটনৈতিক বুজাবুজিৰ ফলত কেৱল গোলকীয় বাণিজ্যই সকাহ পোৱাই নহয়, বৰঞ্চ ভাৰতৰ দৰে বৃহৎ অৰ্থনীতিৰ দেশ এখনৰ শক্তি সংকটৰ আশংকাও বহুখিনি দূৰ হ’ল ৷
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।