প্ৰাইম অসম, ১৫ জুন: দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘটি থকা দ্ৰুত জনগাঁথনিৰ পৰিৱৰ্তনক লৈ অৱশেষত চৰম উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই স্পৰ্শকাতৰ তথা ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত বিষয়টোক গুৰুত্বসহকাৰে লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে। এই সমিতিক সমগ্ৰ দেশৰ শেহতীয়া জনগাঁথনিৰ এক বিতং সমীক্ষা চলাই এবছৰৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে এতিয়া সমগ্ৰ দেশৰ লগতে অসমৰ ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।
অসমৰ ৬ জিলাত পৰিস্থিতি অত্যন্ত ভয়াৱহ :
ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে অসমত জনগাঁথনিৰ বা জনবিন্যাসৰ যি পৰিৱৰ্তন ঘটিছে, সেয়া এতিয়া অত্যন্ত প্ৰকট হৈ পৰিছে। বিশেষকৈ নামনি আৰু মধ্য অসমৰ কেইবাখনো জিলাত খিলঞ্জীয়া লোকৰ সংখ্যা হ্ৰাস পাই এক নিৰ্দিষ্ট ধৰ্মীয় বা ভাষিক সংখ্যালঘুৰ জনসংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুতৰভাৱে প্ৰভাৱিত হোৱা জিলা কেইখন হৈছে - ধুবুৰী, বৰপেটা, গোৱালপাৰা, দৰং, মৰিগাঁও, নগাঁও ৷
চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন সমীক্ষাত ইতিপূৰ্বেই প্ৰকাশ পাইছে যে এই জিলাসমূহত খিলঞ্জীয়া ভূমিপুত্ৰসকল এতিয়া নিজৰ ভেটিতেই সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হৈছে।
ইয়াৰ মূল কাৰণ হৈছে বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজন আৰু অভাৱনীয়ভাবে প্ৰব্ৰজিত জনসংখ্যাৰ দ্ৰুত বৃদ্ধি ৷ ৰাজনৈতিক বিশ্লেষক আৰু সচেতন মহলৰ মতে, অসমৰ এই জিলা কেইখনত জনগাঁথনি সলনি হোৱাৰ একমাত্ৰ আৰু নিশ্চিত কাৰণটো হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা দীৰ্ঘদিন ধৰি অব্যাহত থকা অবৈধ অনুপ্ৰৱেশ। কোনো বৈধ নথি-পত্ৰ নোহোৱাকৈ সীমান্তৰে সুৰুঙা বিচাৰি অসমত প্ৰৱেশ কৰা লাখ লাখ অবৈধ নাগৰিকে থলুৱা লোকৰ মাটি-ভেটি দখল কৰাৰ লগতে ৰাজ্যৰ অৰ্থনীতি আৰু সম্পদৰ ওপৰত ব্যাপক হেঁচা প্ৰয়োগ কৰি আহিছে। এই সমগ্ৰ পৰিঘটনাক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক বাদানুবাদ আৰম্ভ হৈছে। অভিযোগ উত্থাপিত হৈছে যে এটা দীঘলীয়া সময় ধৰি শাসনৰ গাদিত থকা কংগ্ৰেছ দলে এই অবৈধ প্ৰব্ৰজনকাৰীসকলক লৈ কেৱল 'ভোট বেংকৰ ৰাজনীতি' কৰিলে। ক্ষমতা ধৰি ৰখাৰ স্বাৰ্থত কংগ্ৰেছ চৰকাৰৰ দিনত এই অবৈধ অনুপ্ৰৱেশৰ ঘটনাক পৰোক্ষভাৱে উৎসাহিত কৰা হৈছিল আৰু ইয়াৰ বিৰুদ্ধে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। যাৰ পৰিণতিত আজি অসমৰ অস্তিত্বৰ প্ৰতিয়েই চৰম ভাবুকি কঢ়িয়াই আনিছে। বৰ্তমান এই সমস্যা বিজেপি চৰকাৰৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান ৷ কংগ্ৰেছৰ বিগত সময়ৰ নিষ্ক্ৰিয়তাৰ বাবে সমস্যাটোৱে এতিয়া ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে ইয়াক নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ বাবে এক অগ্নিপৰীক্ষা সদৃশ হৈ পৰিছে। অৰ্থাৎ ‘জোঁৰ পুৰি হাত পোৱাৰ’ পাছত এতিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ইয়াৰ কি স্থায়ী সমাধান সূত্ৰ উলিয়ায়, সেয়াহে হ’ব আটাইতকৈ লক্ষ্যণীয় বিষয়। গৃহ মন্ত্ৰালয়ৰ এই নতুন উচ্চস্তৰীয় সমিতিয়ে অসমৰ সীমান্ত সুৰক্ষা আৰু আভ্যন্তৰীণ জনবিন্যাস ৰক্ষাৰ ক্ষেত্ৰত কি নতুন পৰামৰ্শ আগবঢ়ায়, তাৰ ওপৰতে এতিয়া সকলোৰে চকু নিবদ্ধ হৈছে।