অসম বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটী চমুকৈ APCC-এ গ্ৰহণ কৰিছে এক বৃহৎ অনুশাসনমূলক পদক্ষেপ। APCCৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে দলৰ ১৪গৰাকী জ্যেষ্ঠ নেতাক তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ অহা ৬ বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে।

দলীয় শৃংখলা ভংগ আৰু নিৰ্বাচনৰ সময়ত দলৰ বিৰুদ্ধে কাৰ্যকলাপ চলোৱাৰ গুৰুতৰ অভিযোগত এই অনুশাসনমূলক শাস্তি প্ৰদান কৰা হৈছে। নিলম্বিত হোৱা ১৪গৰাকী কংগ্ৰেছ নেতা হ’ল—
ছামচুৰ ৰহমান চৌধুৰী – উপ সভাপতি, শিলচৰ জিলা কংগ্ৰেছ
আকতাৰ হুছেইন বৰভূঞা – উপ সভাপতি, শিলচৰ জিলা কংগ্ৰেছ
মজিবুৰ ৰহমান চৌধুৰী – উপ সভাপতি, শিলচৰ জিলা কংগ্ৰেছ
আজমল হুছেইন লস্কৰ – সাধাৰণ সম্পাদক (সংগঠন), শিলচৰ জিলা কংগ্ৰেছ
ছাইনী আহমেদ লস্কৰ – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ
মেহবুব হুছেইন – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ
ইজাজ লস্কৰ – সাধাৰণ সম্পাদক, অসম যুৱ কংগ্ৰেছ কমিটী
হানিফ আলম মজুমদাৰ – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ
অলতাফ হুছেইন লস্কৰ – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ
মাজিব আহমেদ লস্কৰ – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ
জাহুৰ চৌধুৰী – সাধাৰণ সম্পাদক, মাইনৰিটী বিভাগ
কবিৰ আহমেদ লস্কৰ – সাধাৰণ সম্পাদক, সোণাই জিলা কংগ্ৰেছ কমিটী
আনছাৰ হুচেইন বৰলস্কৰ – প্ৰাক্তন সভাপতি, জিলা মাইনৰিটী বিভাগ
ৰেকিব আহমেদ মজুমদাৰ – সভাপতি, সোণাই সমষ্টি যুৱ কংগ্ৰেছ