২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
প্ৰাইম অসম (গুৱাহাটী): ৰাজ্যৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ এক নৱ-দিগন্তৰ সূচনা কৰিবলৈ অহা ১৪ ফেব্ৰুৱাৰীত অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণ কেৱল এক আনুষ্ঠানিক ভ্ৰমণেই নহয় , বৰঞ্চ উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক আৰু অসামৰিক পৰিবহন খণ্ডত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে। ডিব্ৰুগড়ৰ হাইৱেত যুঁজাৰু বিমানৰ লেণ্ডিঙৰ পৰা গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ নতুন দলং মুকলিলৈকে— প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
মৰাণত ইতিহাস সৃষ্টি: হাইৱেত অৱতৰণ কৰিব বায়ুসেনাৰ বিমান
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ আটাইতকৈ চাঞ্চল্যকৰ দিশটো হ’ল ডিব্ৰুগড়ৰ মৰাণৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ ১২৭ ( NH-127) ত নিৰ্মাণ কৰা উত্তৰ-পূবৰ প্ৰথমটো Emergency Landing Facility (ELF) ৰ উদ্বোধন ।
গুৱাহাটীৰ নতুন পৰিচয়: কুমাৰ ভাস্কৰ বৰ্মা সেতু



গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ সংযোগ অধিক সুগম কৰিবলৈ নিৰ্মাণ কৰা অত্যাধুনিক দলংখন প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে উৎসৰ্গা কৰিব ।
শিক্ষা আৰু ডিজিটেল আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ
অসমক দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব:
গ্ৰীন ট্ৰেন্সপ’ৰ্ট: ১০০ খন নতুন ইলেকট্ৰিক বাছ
গুৱাহাটীক এক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ মানসেৰে প্ৰধানমন্ত্ৰীয়ে ১০০ খন নতুন ইলেকট্ৰিক বাছৰ ফ্লেগ-অফ কৰিব। এই পদক্ষেপে মহানগৰীৰ বায়ু প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব ।
ৰাজনৈতিক তৎপৰতা: খানাপাৰাত বিশাল জনসভা
প্ৰধানমন্ত্ৰীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰায় ১ লাখ দলীয় কৰ্মীক সম্বোধন কৰিব। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশলৰ বাবে এই "বিশাল বুথ সন্মিলন" অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে প্ৰমাণ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ "এক্ট ইষ্ট পলিচী"ৰ কেন্দ্রবিন্দু এতিয়া অসম। এই বিশাল প্ৰকল্পসমূহে অসমৰ অৰ্থনীতি আৰু পৰিবহনৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সূচনা কৰিব ।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।