২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
অসমৰ চাহ বাগিচা অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সু-খবৰ
আজি ১০ জুন ২০২৬ৰ পৰা সমগ্ৰ শিক্ষা, অসমে আৰম্ভ কৰিলে বিনামূলীয়া পৰিবহণ আৰু সুৰক্ষা বাহন সুবিধা আঁচনি। লক্ষ্য এটাই - কোনো শিশু যাতে যাতায়াতজনিত অসুবিধাৰ বাবে স্কুলৰ পৰা বঞ্চিত নহয়। এই আঁচনি ১১ জিলাত ৰূপায়ন কৰা হ'ব। এই আঁচনিৰ অধীনত ১৯৮ খন বিদ্যালয় সামৰি লোৱা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়া ৯,৭১৪ জন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব নিৰাপদ আৰু বিনামূলীয়া যাতায়াতৰ সুবিধা।

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষত ৫,৪০০ টকাৰ আৰ্থিক সহায়, এই ব্যৱস্থাটো পৰিচালনা কৰিব স্থানীয় বিদ্যালয় পৰিচালনা সমিতিয়ে। আঁচনিখন ৩১ মাৰ্চ ২০২৭লৈকে চলিব, মাজত জুলাই মাহটো বাদ দিয়া হব।
চাহ বাগিচা অঞ্চলত দূৰত্ব আৰু বেয়া ৰাস্তাৰ বাবে ড্ৰপআউটৰ হাৰ বেছি। এই পদক্ষেপে স্কুললৈ যোৱাটো সহজ, সুৰক্ষিত আৰু সুলভ কৰি তুলিব।কোনো শিশুৱে যাতে যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়ৰ পৰা বঞ্চিত নহয়, সেই লক্ষ্যৰে সমগ্ৰ শিক্ষা, অসমে আজি ইংৰাজী ১০ জুন, ২০২৬ তাৰিখৰ পৰা চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পৰিবহণ/সুৰক্ষা বাহন সুবিধা আঁচনি আৰম্ভ কৰিছে।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।