সাপ্তাহিক বাতৰি পৰিক্ৰমা ---------->>
1) আজি প্ৰথমেই আহোঁ বস্ত্ৰশিল্প খণ্ডলৈ ৷ কেন্দ্ৰীয় চৰকাৰে ১ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ কপাহৰ আমদানিৰ শুল্ক সম্পূৰ্ণ ৰেহাই দিছে ৷ দেশৰ বস্ত্ৰ খণ্ডক এক বৃহৎ আৰ্থিক সকাহ দি কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে দেশলৈ আমদানি কৰা কপাহৰ ওপৰত থকা সকলো ধৰণৰ আমদানি শুল্ক অনাগত পাঁচ মাহৰ বাবে সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। চৰকাৰৰ এই সিদ্ধান্তই এতিয়া উদ্যোগটোৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ ৩০ অক্টোবৰলৈ কাৰ্যকৰী হ’ব এই ৰেহাই ৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী অধিসূচনা অনুসৰি, এই আমদানি শুল্ক ৰেহাই ২০২৬ চনৰ ১ জুনৰ পৰা কাৰ্যকৰী হৈছে আৰু ই অহা ৩০ অক্টোবৰলৈ বাহাল থাকিব। এক নিৰ্দিষ্ট সময়সীমাৰ বাবে লোৱা এই অস্থায়ী পদক্ষেপে ঘৰুৱা বজাৰত কেঁচামালৰ নাটনি দূৰ কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰা উৎপাদন ব্যয় হ্ৰাস হৈ গ্ৰাহকক কিছু সকাহ দিব ৷বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে বস্ত্ৰশিল্প খণ্ডৰ উৎপাদন ব্যয় হ্ৰাস কৰা। বিগত সময়ছোৱাত কেঁচামালৰ মূল্য বৃদ্ধিৰ বাবে ঘৰুৱা উৎপাদনকাৰীসকলে যি প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল, এই শুল্ক ৰেহাইৰ ফলত এতিয়াৰে পৰা কম খৰচতে কপাহ আমদানি কৰিব পৰা হ’ব। উৎপাদন ব্যয় হ্ৰাস পালে বজাৰত কাপোৰ আৰু সাজ-পোছাকৰ মূল্য নিয়ন্ত্ৰণত থাকিব, যাৰ প্ৰত্যক্ষ লাভ সৰ্বসাধাৰণ গ্ৰাহকে লাভ কৰিব। এই অধিসূচনাত বিশেষভাৱে উল্লেখ কৰা হৈছে যে কাপোৰৰ মিল আৰু নিৰ্মাতাসকলক সকাহ দিয়াৰ লগতে চৰকাৰে ঘৰুৱা কপাহ খেতিয়কসকলৰ স্বাৰ্থৰ প্ৰতিও সম্পূৰ্ণ লক্ষ্য ৰাখিছে। অক্টোবৰ মাহৰ শেষৰ ফালে ভাৰতীয় খেতিয়কসকলৰ নতুন কপাহৰ উৎপাদন বজাৰলৈ অহা আৰম্ভ হয়। সেইবাবেই চৰকাৰে ৩০ অক্টোবৰলৈকেহে এই ৰেহাই সীমা ধাৰ্য কৰিছে, যাতে থলুৱা কৃষকসকলে নিজৰ উৎপাদিত ফচলৰ উচিত মূল্য লাভ কৰাত কোনো বাধাৰ সৃষ্টি নহয়। ভাৰতীয় অৰ্থনীতিত সৰ্বাধিক কৰ্মসংস্থাপন সৃষ্টি কৰা খণ্ডসমূহৰ ভিতৰত বস্ত্ৰশিল্প অন্যতম। বিত্ত মন্ত্ৰালয়ৰ এই সময়োপযোগী পদক্ষেপে কেৱল ঘৰুৱা ব্যৱসায়ৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় বস্ত্ৰৰ ৰপ্তানি ক্ষমতাও বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোগ খণ্ডৰ বিশেষজ্ঞসকলে।
2) বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি ভাৰতীয় অৰ্থনীতিৰ বাবে এটা চিন্তাৰ কাৰক হৈ পৰিছে ৷ মধ্য প্ৰাচ্যৰ শেহতীয়া ভূ-ৰাজনৈতিক অস্থিৰতাই এতিয়া সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিৰ বাবেও এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাত তথা যুদ্ধবিৰতিৰ চুক্তিক লৈ সৃষ্টি হোৱা অনিশ্চয়তাই খাৰুৱা তেলৰ বিশ্ব বজাৰত তীব্ৰ জোকাৰণি তুলিছে। বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জলপথ ‘হৰমুজ প্ৰণালী’ ক কেন্দ্ৰ কৰি গঢ়ি উঠা এই উত্তেজনাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য খণ্ডত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ভৌগোলিকভাৱে ওমান আৰু ইৰানৰ মাজত অৱস্থিত হৰমুজ প্ৰণালী হৈছে বিশ্বৰ তেল বাণিজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশলগত পথ। বিশ্বত ব্যৱহাৰ হোৱা মুঠ পেট্ৰ’লিয়াম সামগ্ৰীৰ প্ৰায় 30% কেৱল এই সংকীৰ্ণ জলপথেৰেই পৰিবহন কৰা হয়। চৌদি আৰৱ, ইৰাক, সংযুক্ত আৰব আমিৰশ্বাহী (UAE), কুৱেইট আৰু কাটাৰৰ দৰে বৃহৎ তেল উৎপাদক দেশসমূহে এই পথেৰেই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেল প্ৰেৰণ কৰে। ইৰান আৰু পশ্চিমীয়া দেশসমূহৰ মাজত সামৰিক উত্তেজনা বৃদ্ধি পালেই এই জলপথ বন্ধ হৈ পৰাৰ আশংকা ঘনীভূত হয়, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে তেলৰ মূল্যৰ ওপৰত। শেহতীয়া উত্তেজনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেন্ট খাৰুৱা তেলৰ (Brent Crude) মূল্য প্ৰতি বেৰেলত বহুখিনি বৃদ্ধি পাইছে। খাৰুৱা তেলৰ এই মূল্য বৃদ্ধিয়ে মুদ্রাস্ফীতিৰ আশংকা দুগুণ কৰি তুলিছে। তেল বজাৰৰ বিশেষজ্ঞসকলৰ মতে, যদিহে মধ্য প্ৰাচ্যৰ এই উত্তেজনা সোনকালে প্ৰশমিত নহয়, তেন্তে অনাগত দিনত খাৰুৱা তেলৰ মূল্যই নতুন অভিলেখ স্পৰ্শ কৰিব পাৰে। ভাৰতৰ বাবে এই পৰিস্থিতি অত্যন্ত চিন্তাজনক, কিয়নো ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম তেল আমদানিকাৰী দেশ। ভাৰতে নিজৰ প্ৰয়োজনীয় খাৰুৱা তেলৰ প্ৰায় 80% তকৈও অধিক অংশ বিদেশৰ পৰা আমদানি কৰে। ইয়াৰ এক বুজন অংশ আহে মধ্য প্ৰাচ্যৰ পৰা। বিশ্ব বজাৰত তেলৰ মূল্য বৃদ্ধি হ’লে ভাৰতৰ আমদানি ব্যয় বাঢ়ি যায়, যাৰ ফলত দেশৰ চলিত বিত্তীয় ঘাটি বৃদ্ধি পায়। খাৰুৱা তেল ব্যয়বহুল হ’লে ঘৰুৱা বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে। ইয়াৰ ফলত পৰিবহন ব্যয় বৃদ্ধি পায় আৰু নিশ্চিতভাবে সামগ্ৰিকভাৱে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে ৷ বৰ্তমান পৰিস্থিতিত ভাৰত চৰকাৰে বিকল্প উৎস, যেনে ৰাছিয়া বা আফ্ৰিকীয় দেশসমূহৰ পৰা তেল আমদানি বৃদ্ধি কৰাৰ বাবে কৌশল প্ৰস্তুত কৰিছে। কিন্তু হৰমুজ প্ৰণালীৰ নিৰাপত্তা আৰু মধ্য প্ৰাচ্যত স্থায়ী শান্তি প্ৰতিষ্ঠা নোহোৱালৈকে বিশ্বৰ ইন্ধন বজাৰ সুৰক্ষিত নহয় ৷ সমগ্ৰ বিশ্বই এতিয়া আশা কৰিছে যাতে কূটনৈতিক আলোচনাৰ মাধ্যমেৰে মধ্য প্ৰাচ্যৰ উত্তেজনাৰ অন্ত পৰে।
3) অসম চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰি ৫ জুনৰ দিনা ১২ গৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হয়। নতুনকৈ শপত লোৱা মন্ত্ৰীসকলক লৈ শুকুৰবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ২ শতাংশ অতিৰিক্ত মৰগীয়া বানচ (Dearness Allowance) বৃদ্ধিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ৰাজ্যৰ সকলো বিধান সভা সমষ্টিৰ সম উন্নয়ন নিশ্চিত কৰাৰ উদ্দেশ্যে কেবিনেটে প্ৰতিগৰাকী বিধায়কৰ উন্নয়ন পুঁজি (MLALAD) ২০২৬-২৭ বৰ্ষৰ পৰা বছৰি ডেৰ কোটি টকালৈ বৃদ্ধি কৰাৰ অনুমোদন জনায়। লগতে ২০২৭-২৮ বৰ্ষৰ পৰা এই পুঁজিৰ পৰিমাণ বছৰি ২ কোটি টকালৈ বৃদ্ধি কৰা হ'ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ৷ অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ৰ সুসংগঠিত আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেবিনেটে “ৰাজ্য ৰাজধানী অঞ্চল – ডিব্ৰুগড়” গঠন আৰু “ৰাজ্য ৰাজধানী অঞ্চল উন্নয়ন কর্তৃপক্ষ – ডিব্ৰুগড়” স্থাপনত অনুমোদন জনায় ৷ ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে কৰ্তৃপক্ষৰ পদাধিকাৰ সূত্রে অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিব আৰু কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব৷
ডিব্ৰুগড় ৰাজধানী পৰিসৰক কেন্দ্ৰ কৰি ২০ কিল'মিটাৰ ব্যাসার্ধৰ এলেকা সামৰি ল'ব আৰু উন্নয়নমূলক প্রকল্পসমূহৰ উপৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ বছৰত মুঠ ৫০০ কোটি টকাৰ বিশেষ পুঁজি আবণ্টন কৰা হ'ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহন কৰে ৷ বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি দিয়াৰ প্ৰক্ৰিয়া সুসংগঠিতভাৱে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেবিনেটে অসম মাধ্যমিক শিক্ষা (প্রাদেশিকীকৃত বিদ্যালয়) সেৱা (সংশোধনী) বিধি, ২০২৬ সংশোধনৰও অনুমোদন জনায় ৷
কেবিনেটে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া ভাট্টা (DA) আৰু মৰগীয়া সাহায্য (DR) ৫৮%ৰ পৰা ৬০%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই বৰ্ধিত হাৰ জুন ২০২৬ৰ দৰমহা তথা পেঞ্চনৰ সৈতে জুলাই ২০২৬ত প্রদান কৰা হ'ব ৷ লগতে মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত উল্লেখ কৰে যে ৬ জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিবেশন আৰম্ভ হ’ব আৰু নতুন বাজেট গৃহিত হোৱাৰ পাছতেই ১ আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনি পুনৰ নিয়মিতভাৱে আৰম্ভ হ’ব ৷
4) অসমত মৌচুমী বায়ুৰ প্ৰৱেশ ঘটিছে ৷
ৰাজ্যবাসীলৈ একপ্ৰকাৰ সকাহ আৰু আনহাতে চিন্তাৰ বতৰা কাঢ়িয়াই আনিছে দক্ষিণ-পশ্চিম মৌচুমী বায়ুয়ে। জুন মাহৰ আৰম্ভণিতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমতো সম্পূৰ্ণৰূপে সক্ৰিয় হৈ পৰিছে মৌচুমী বায়ু। যাৰ ফলত বিগত ৪-৫ দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ অনাগত দিনকেইটাত অসমৰ কেইবাখনো জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ আগজাননী দি সতৰ্কতা জাৰি কৰিছে। বিগত মে’ মাহৰ তীব্ৰ গৰমৰ পাছত এই বৰষুণে কিছু সকাহ দিছে যদিও, একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে নামনি আৰু উজনি অসমৰ কেইবাটাও অঞ্চলত ইতিমধ্যে বানৰ আশংকাই দেখা দিছে।
ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ প্ৰধান উপনৈসমূহৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, বৰষুণৰ এই ধাৰা অব্যাহত থাকিলে অচিৰেই নৈসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে যোৱাৰ সম্ভাৱনা আছে। বানপ্ৰৱণ জিলাসমূহ বিশেষকৈ ধেমাজি, লখিমপুৰ, বৰপেটা, আৰু কাছাৰ আদিৰ জিলা প্ৰশাসনক সম্ভাব্য পৰিস্থিতিৰ মুখামুখি হ’বলৈ সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। SDRF আৰু বান সাহায্য শিবিৰসমূহকো সাজু কৰি তোলা হৈছে।
মৌচুমী বতাহৰ প্ৰথমজাক বৰষুণতে ৰাজ্যৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে। অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, আৰু জি এছ ৰোডৰ দৰে ব্যস্ত অঞ্চলত বিগত দিন সমূহত পানী হোৱাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। নলা-নৰ্দমাসমূহৰ লেতেৰা পানী বাট-পথলৈ ওলাই অহাত সৰ্বসাধাৰণ ৰাইজ আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে চৰম যাতনা ভোগ কৰিবলগীয়া হয়। নদীপৰীয়া অঞ্চলসমূহৰ বাবে বানৰ চিন্তা বৃদ্ধি পাইছে যদিও, অসমৰ খেতিয়কসকলৰ বাবে এই মৌচুমীৰ বৰষুণ আশীৰ্বাদস্বৰূপ হৈ পৰিছে। শালি ধানৰ খেতিৰ বাবে প্ৰস্তুতি চলাই থকা কৃষকসকলে এই বৰষুণৰ ফলত যথেষ্ট সকাহ পাইছে আৰু ৰাজ্যৰ কৃষি খণ্ডত ই ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰীয়া আৰু নদীপৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু জৰুৰীকালীন সেৱাসমূহ সক্ৰিয় কৰি তুলিছে। অনাগত এসপ্তাহ অসমৰ বান পৰিস্থিতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব বুলি ধাৰণা কৰা হৈছে।