G-7 সন্মিলনৰ মাজতে মোদী-ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ বৈঠক:
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ ট্ৰাম্পে তেওঁক এগৰাকী 'Tough Negotiator' বুলি অভিহিত কৰে।
অসমৰ জাগীৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প অতি সোনকালে উৎপাদনক্ষম হৈ উঠিব ৷
অসমৰ ঔদ্যোগিক ইতিহাসত আটাইতকৈ ডাঙৰ মাহেন্দ্ৰক্ষণ। অতি শীঘ্ৰেই জাগীৰোডৰ পৰা ওলাব Made in India মাইক্ৰ’চিপ। চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে জাগীৰোডৰ অভিলাসী ছেমিকণ্ডাক্টৰ প্ৰকল্পত আৰম্ভ হ’ব উৎপাদন। নতুন দিল্লীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰে হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত এই ডাঙৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ।
টাটা ছেমিকণ্ডাক্টৰ এচেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড চমুকৈ TSAT-ৰ উদ্যোগত নিৰ্মাণ হৈ থকা এই প্ৰকল্পত বিনিয়োগ কৰা হৈছে প্ৰায় ২৭ হাজাৰ কোটি টকা। কেৱল অসমে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে ই হ’বলৈ গৈ আছে অন্যতম বৃহৎ ছেমিকণ্ডাক্টৰ উৎপাদন কেন্দ্ৰ। অতি সংগতিপূৰ্ণভাৱে প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবাঢ়িছে আৰু ইয়াৰ অগ্ৰগতি পৰ্যালোচনা কৰি কেন্দ্ৰীয় চৰকাৰ আশাবাদী যে চলিত বিত্তীয় বৰ্ষতে ইয়াৰ প্ৰথমটো বেট্চ বজাৰলৈ ওলাব।
কিন্তু কিমান শক্তিশালী হ’ব এই প্ৰকল্প? মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি, পূৰ্ণাংগ পৰ্যায়ত এই প্লাণ্টৰ পৰা প্ৰতিদিনে প্ৰায় ৪৮ নিযুত ছেমিকণ্ডাক্টৰ চিপচ উৎপাদন কৰা হ’ব। ফ্লিপ-চিপ (Flip-chip) আৰু ইণ্টিগ্ৰেটেড চিষ্টেম ইন পেকেজৰ দৰে বিশ্বৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ইয়াত চিপ তৈয়াৰ কৰা হ’ব— যিয়ে অটো’ম’বাইল, বৈদ্যুতিক বাহন, টেলিকমিউনিকেচন আৰু আটাইতকৈ চৰ্চিত AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলিসমূহৰ গোলকীয় চাহিদা পূৰণ কৰিব।
অকল প্ৰযুক্তিৰ দিশতে নহয়, অসমৰ অৰ্থনীতি আৰু নিয়োগৰ ক্ষেত্ৰতো এই প্ৰকল্পই আনিব জোৱাৰ। ইয়াৰ দ্বাৰা প্ৰায় ১৫ হাজাৰ প্ৰত্যক্ষ আৰু ১১ ৰ পৰা ১৩ হাজাৰ পৰোক্ষ সংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। কেৱল সেয়াই নহয়, অসমৰ যুৱ প্ৰজন্মক এই খণ্ডৰ বাবে দক্ষ কৰি তুলিবলৈ National Institute of Electronics and Information Technology (NIELIT) ৰ জৰিয়তে বিশেষ প্ৰশিক্ষণ কেন্দ্ৰও গঢ়ি তোলা হৈছে, যাৰ কাম বৰ্তমান তীব্ৰগতিত চলি আছে।
এসময়ৰ বন্ধ হৈ পৰা কাগজ কলৰ ভূমিত এতিয়া বিশ্বমানৰ প্ৰযুক্তিৰ সপোন বাস্তৱায়িত হোৱাৰ পথত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোনক সাৰথি কৰি অসমে এতিয়া বিশ্বৰ প্ৰযুক্তিৰ মানচিত্ৰত খোপনি পুতিবলৈ সম্পূৰ্ণ সাজু।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ ট্ৰাম্পে তেওঁক এগৰাকী 'Tough Negotiator' বুলি অভিহিত কৰে।
অৱশেষত যুদ্ধখনৰ যৱনিকা পৰিব! ১০৮ দিনৰ সংঘাতৰ অন্ত ১৯ জুনত শান্তি চুক্তি ইৰাণ আমেৰিকাৰ
হৰমুজ প্ৰণালী অৱৰোধ অন্ত পৰিব নেকি ? যুদ্ধজৰ্জৰ বিশ্বলৈ শান্তি ঘূৰি আহিবনে ? দীৰ্ঘদিনীয়া উত্তেজনা আৰু যুদ্ধংদেহী পৰিৱেশৰ অন্ত পেলাই অৱশেষত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰাৰ দিশে আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰান।