২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
ৰিখটাৰ স্কেলত ক্ৰমে ৭.১ আৰু ৭.৫ মাত্ৰাৰ দুটা তীব্ৰ ভূকম্পনৰ ফলত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছসহ দেশখনৰ কেইবাখনো চহৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ মাত্ৰ ৪০ চেকেণ্ডৰ ব্যৱধানত অহা এই দুটা ধ্বংসাত্মক ভূমিকম্পৰ বাবে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি দেলচি ৰদ্ৰিগুৱেজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ #VenezuelaEarthquake
লেটিন আমেৰিকাৰ দেশ ভেনিজুৱেলাত ভয়ঙ্কৰ ভূমিকম্প ৷ ৰিখটাৰ স্কেলত ক্ৰমে ৭.১ আৰু ৭.৫ মাত্ৰাৰ দুটা তীব্ৰ ভূকম্পনৰ ফলত ৰাজধানী কাৰাকাছসহ দেশখনৰ কেইবাখনো চহৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ মাত্ৰ ৪০ চেকেণ্ডৰ ব্যৱধানত অহা এই দুটা ধ্বংসাত্মক ভূমিকম্পৰ বাবে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি দেলচি ৰদ্ৰিগুৱেজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷
ভূমিকম্পৰ মূল কেন্দ্ৰবিন্দু কেৰিবিয়ান উপকূলৰ মৰণ (Moron) নামৰ অঞ্চলটোৰ ওচৰত আছিল বুলি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে প্ৰকাশ কৰিছে৷
ৰাজধানী চহৰ কাৰাকাছৰ আলতামিৰা আৰু পালোচ গ্ৰাণ্ডেচ আদি অঞ্চলত বহুকেইটা বহুতলীয়া আৱাসিক আৰু বাণিজ্যিক ভৱন খহি পৰিছে৷ একাংশ অট্টালিকাৰ তলৰ মাটি বহি যোৱাৰ বাবে খহি পৰাৰ আশংকাত মানুহক ভিতৰলৈ যাবলৈ নিষেধ কৰা হৈছে৷
ভূমিকম্পৰ কেন্দ্ৰবিন্দুৰ নিচেই ওচৰত থকা উপকূলীয় চহৰ মৰণত আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হৈছে৷
কাতিয়া-লা-মাৰ নামৰ আন এখন গুৰুত্বপূৰ্ণ উপকূলীয় চহৰতো কেইবাটাও গুৰুত্বপূৰ্ণ ভৱন আৰু ৰাস্তা-ঘাট ক্ষতিগ্ৰস্ত হৈছে৷
আন্তঃগাঁথনি ধ্বংস হোৱা চহৰসমূহৰ বিদ্যুৎ সৰবৰাহ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ৷ টেলিফোন আৰু ম'বাইল নেটৱৰ্ক বিকল হৈ পৰিছে আৰু বহু ঠাইত বিজুলী খুঁটা উভালি পৰিছে৷
ধ্বংসস্তূপৰ তলত বহু লোক আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে আৰু সাহায্য কৰ্মীসকলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে৷ ভূমিকম্পৰ পাছত আহিব পৰা জোকাৰণিৰ ভয়ত হাজাৰ হাজাৰ সন্ত্ৰস্ত লোকে নিজৰ ঘৰ-দুৱাৰ এৰি মুকলি আকাশৰ তলত আশ্ৰয় লৈছে৷
আমেৰিকাসহ বিভিন্ন দেশে এই দুৰ্যোগৰ সময়ত ভেনিজুৱেলাৰ কাষত থিয় দিছে আৰু উদ্ধাৰ কাৰ্যত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে৷
প্ৰথম অৱস্থাত ওচৰৰ দ্বীপপুঞ্জসমূহৰ বাবে চুনামিৰ সতৰ্কতা জাৰি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত কোনো ডাঙৰ বিপদ নথকাৰ বাবে তাক প্ৰত্যাহাৰ কৰা হয়৷
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।