গুলী বাৰুদৰ ধোঁৱাৰে ধূসৰিত মধ্য প্ৰাচ্যৰ আকাশত লাহে লাহে বলিব লৈছে প্ৰশান্তিৰ বতাহ ১০৮ দিন ধৰি চলা বিধ্বংসী সামৰিক সংঘাতৰ অন্ত
পৰাৰ কথা ঘোষণা কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে।
সহমত পোষণ কৰিলে ইৰাণেও ২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই যুটীয়াভাৱে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল যুদ্ধৰ প্ৰথম দিনাখনে ইৰাণৰ ধৰ্মগুৰু তথা সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনীৰ মৃত্যু হৈছিল। প্ৰায় চাৰে তিনিমাহৰ অন্তত ৰক্তক্ষয়ী এই যুদ্ধৰ অৱসান হ'বলৈ গৈ আছে। ডনাল্ড ট্রাম্পে ঘোষণা কৰে যে ইৰাণ আৰু আমেৰিকাৰ শান্তি চুক্তি স্বাক্ষৰ হ'ব ১৯ তাৰিখে। ট্ৰাম্পৰ ঘোষণাৰ লগে লগে খুলি দিয়া হৈছে হৰমুজ প্ৰণালী।হৰমুজত আৱদ্ধ হৈ থকা তেলবাহী জাহাজসমূহ লাহে লাহে চলাচল কৰিবলৈ আৰম্ভ কৰিছে। বিশ্বজুৰি তেলৰ সংকট তীব্র হৈ থকাৰ পাছত এই ঘোষণাই সকাহ দিছে সমগ্র বিশ্বক। লগে লগে হ্ৰাস পাইছে ৪.৫ শতাংশ খাৰুৱা তেলৰ মূল্য।
চুক্তি অনুসৰি লেবানন আৰু ছিৰিয়াকে ধৰি সকলো স্থানত আমেৰিকা আৰু ইৰাণৰ মাজত সামৰিক আক্ৰমণ বন্ধ কৰা। হৰমুজ প্ৰণালী আন্তর্জাতিক বাণিজ্যৰ বাবে মুকলি কৰাকোনোধৰণৰ অতিৰিক্ত শুল্ক আদায় নিদিয়া
ইৰাণৰ বন্দৰসমূহৰ ওপৰত আৰোপ কৰা নৌ অৱৰোধ সম্পূর্ণভাবে প্ৰত্যাহাৰ কৰা
আমেৰিকাই আন্তর্জাতিক বেংকত জব্দ কৰি থোৱা ইৰাণৰ ২৫ বিলিয়ন ডলাৰ পৰ্যায়ক্ৰমে মুকলি কৰা
জাহাজ চলাচল সুৰক্ষিত কৰিবলৈ ব্ৰিটেইন আৰু ফ্ৰান্সৰ সামুদ্রিক মাইন আঁতৰাবলৈ টাস্ক ফ'ৰ্চ গঠন কৰা ইত্যাদি।
ইফালে চুক্তিত সন্মত হ'লেও আমেৰিকাক সহজে বিশ্বাস কৰিবলৈ সাজু নহয় ইৰাণ।ইৰাণ আমেৰিকাৰ এই ঐতিহাসিক চুক্তিক লৈ সমগ্র বিশ্ব আশাবাদী। কিন্তু সুখী নহয় ইজৰাইল। ইতিমধ্যে ইজৰাইলে ঘোষণা কৰিছে যে ইৰাণ আমেৰিকাৰ শান্তি চুক্তিৰ লগত ইজৰাইলৰ কোনো সম্পর্ক নাই। যিহেতু ইজৰাইল স্বাধীন দেশ গতিকে তেওঁলোকে স্বতন্ত্র সিদ্ধান্ত গ্রহণ কৰিব।শান্তি চুক্তিৰ স্থায়ীত্বত উপনীত হ'বলৈ আমেৰিকা আৰুইৰাণে চৰ্ত বোৰ কিমান মানি চলে সময়ত লক্ষ্যণীয় হ'ব।