২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
উপ-পৰিদৰ্শক (SI) নিযুক্তি কেলেংকাৰী আৰু আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত অৱশেষত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ED)-ৰ বৃহৎ পদক্ষেপ। অসম আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক (DIG) প্ৰশান্ত কুমাৰ দত্ত, তেওঁৰ পৰিয়াল আৰু সহযোগীৰ প্ৰায় ৫৩.২৮ কোটি টকা মূল্যৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি প্ৰিভেনচন অৱ মানি লণ্ডাৰিং আইন (PMLA)-ৰ অধীনত সাময়িকভাৱে জব্দ কৰিছে ইডিয়ে।
প্ৰাইম অসম, গুৱাহাটী, ২৯ জুন :
ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (SI) নিযুক্তি কেলেংকাৰী আৰু আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত অৱশেষত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ED)-ৰ বৃহৎ পদক্ষেপ। অসম আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক (DIG) প্ৰশান্ত কুমাৰ দত্ত, তেওঁৰ পৰিয়াল আৰু সহযোগীৰ প্ৰায় ৫৩.২৮ কোটি টকা মূল্যৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি প্ৰিভেনচন অৱ মানি লণ্ডাৰিং আইন (PMLA)-ৰ অধীনত সাময়িকভাৱে জব্দ কৰিছে ইডিয়ে। জব্দ কৰা এই সম্পত্তিৰ ভিতৰত গুৱাহাটীৰ ৪ খনকৈ বিলাসী হোটেল (যেনে- হোটেল ভাৰ্গৱ, ভাৰ্গৱ ইন আদি) আৰু মুম্বাইত থকা দুটাকৈ আৱাসিক ফ্লেট অন্তৰ্ভুক্ত আছে।
কিন্তু এই সমগ্ৰ ঘটনাৰ আঁৰৰ কাহিনী আজিৰ নহয়; ইয়াৰ শিপা সাঙোৰ খাই আছে বৰ্তমানৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান (DGP) জি. পি. সিঙৰ কঠোৰ স্থিতি আৰু তদন্তৰ সৈতে।
### ২০১৯-২০ ৰ পৰা আৰম্ভ হোৱা পাপৰ অধ্যায়:
২০১৯-২০ বৰ্ষৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ এই নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধান দল (SIT)-ৰ নেতৃত্ব লৈছিল সেই সময়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP, Law & Order) জি. পি. সিঙে।
তদন্ত আগবঢ়াৰ লগে লগে এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড হিচাপে পোহৰলৈ আহে প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্ত (P.K. Dutta)-ৰ নাম। গ্ৰেপ্তাৰৰ ভয়ত নেপাললৈ পলাই গৈ আশ্ৰয় লোৱা দত্তক লৈ ২০২২ চনত জি. পি. সিঙে ৰাজহুৱাভাৱে হুংকাৰ দিছিল যে— প্ৰশান্ত দত্তক গ্ৰেপ্তাৰ কৰা হ’বই ৷ অৱশেষত নেপাল সীমান্তৰ কাকৰভিটাৰ পৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।
### ৭৯ কোটিৰ অবৈধ সম্পত্তিৰ পাহাৰ :
কেৱল প্ৰশ্নকাকত ফাদিলতে সীমাবদ্ধ নাছিল প্ৰশান্ত দত্তৰ ক’লা সাম্রাজ্য। অসম আৰক্ষীৰ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাই চলোৱা তদন্তত উদ্ঘাটন হয় এক ভয়ংকৰ তথ্য। ১৯৯২ চনৰ পৰা ২০১৯ চনৰ ভিতৰত চাকৰিত থকা কালছোৱাত দত্তই নিজৰ জ্ঞাত আয়ৰ তুলনাত প্ৰায় ৭৯ কোটি টকাৰ অধিক সম্পত্তি অবৈধভাৱে অৰ্জন কৰিছিল।
> ED-ৰ বলিষ্ঠ ভূমিকা : অসম আৰক্ষী আৰু ভিজিলেন্সৰ সেই প্ৰাৰম্ভিক তদন্তৰ সূত্ৰ ধৰিয়েই পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সংস্থা EDয়ে ধন সৰবৰাহৰ (Money Laundering) গোচৰ ৰুজু কৰে। আৰু তাৰেই পৰিণতিত আজি গুৱাহাটী আৰু মুম্বাইত থকা দত্তৰ ৫৩.২৮ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে সংস্থাই।
### জি. পি. সিঙৰ দূৰদৰ্শী তদন্তৰ ফল :
আজি E D য়ে লোৱা এই বৃহৎ পদক্ষেপে প্ৰমাণ কৰিলে যে তদানীন্তন ADGP জি. পি. সিঙৰ কাৰ্যকালত আৰম্ভ হোৱা তদন্ত আছিল অত্যন্ত নিখোঁত আৰু দূৰদৰ্শী। তেওঁৰ নেতৃত্বত গঠন হোৱা SIT-এ কেৱল পৰীক্ষাৰ কেলেংকাৰীতে নিজকে সীমাবদ্ধ নাৰাখি বিত্তীয় লেনদেনৰ গভীৰতালৈ গৈছিল, যাৰ বাবেই আজি বহু বছৰৰ পিছতো আইনৰ জালত বন্দী হ’বলগা হ’ল প্ৰাক্তন প্ৰভাৱশালী আৰক্ষী বিষয়া প্ৰশান্ত দত্ত।
দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰ আৰু আৰক্ষীৰ 'শূন্য সহনশীলতা' নীতিৰ ই এক ডাঙৰ উদাহৰণ হৈ ৰ’ব।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।