২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
ওমান সাগৰৰ উপকূলত ভাৰতৰ তেলবাহী জাহাজৰ ওপৰত আক্ৰমণ ২৪ জন ভাৰতীয় নাবিকৰ জীৱনক লৈ আশংকা! কোনে কৰিলে আক্ৰমণ? সন্দেহৰ আঙুলি আমেৰিকালৈ!
ওমান উপকূলৰ সমীপত ভাৰতৰ এম টি মাৰিভেক্স নামৰ এখন তেলবাহী জাহাজৰ ওপৰত হৈছে ভয়ংকৰ আক্ৰমণ।ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ চলি থকাৰ মাজতে ভাৰতৰ জাহাজত আক্ৰমণ কৰা কথাটোৱে চিন্তাত পেলাইছে ভাৰত চৰকাৰক। কাৰণ তেলবাহী জাহাজখনত আছিল ২৪ গৰাকী নাবিক।আৰু আক্ৰমণৰ খবৰ শুনাৰ লগে লগে নাবিকসকলৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ভাৰতীয় জাহাজখনক আক্ৰমণ কৰা হৈছে ঘাতক ক্ষেপণাস্ত্রৰে।যাৰ ফলত জাহাজখনৰ ইঞ্জিন ধ্বংস হৈ যায়। এই আক্ৰমণৰ ফলত এম টি মাৰিভেক্সত দাওদাওকৈ
লাগে প্ৰচণ্ড জুঁই।
বিশ্বৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি আমেৰিকাৰ নৌসেনাৰ ভুলবশতঃ আক্ৰমণৰ বাবেই ভাৰতীয় তেলবাহী জাহাজখনত এই ভয়ংকৰ কাণ্ডটো সংঘটিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই ঘটনাক লৈ আমেৰিকাই একো প্ৰতিক্ৰিয়া দিয়া নাই। যাৰ বাবে আমেৰিকাৰ এনে ভূমিকাক লৈ আৰম্ভ হৈছে। ৰাজনৈতিক আৰু কূটনৈতিক বিতৰ্কৰ। ভাৰত চৰকাৰৰ বিভাগীয় মন্ত্ৰালয়ে ইতিমধ্যে সংবাদমেল যোগে আক্ৰমণৰ ঘটনা নিশ্চিত কৰিছে। কালি অৰ্থাৎ সোমবাৰে দুপৰীয়া ১ বজাত সংঘটিত হয় এই ঘটনাটো।
হৰমুজ প্ৰণালীৰ পৰা কিছু নিলগত সংঘটিত হোৱা ঘটনাটো কেনেকৈ আৰু কিয়, কোনে সংঘটিত কৰিছে সেই লৈ নিশ্চিত হ'ব পৰা নাই ভাৰত চৰকাৰ। সমগ্র বিষয়টো গুৰুত্ব সহকাৰে লৈ নাবিকসকলক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰাৰ বিষয়টোত ভাৰত চৰকাৰে প্ৰাথমিকতা দিছে প্ৰথমে।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।