২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
সুৰংগ খানি প্ৰকৃতিৰ বুকুত চলোৱা অনিয়ন্ত্ৰিত লুণ্ঠন আৰু ধ্বংসলীলাৰ এক ভয়ংকৰ পৰিণতি দেখিৱলৈ পোৱা গৈছে চুবুৰীয়া ৰাজ্য চিকিমত। ৰাজ্যখনৰ নামচি জিলাৰ সমাৰদুঙত নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত আকস্মিক ভয়ংকৰ ভূমিস্খলন আৰু বিষাক্ত মিথেন গেছ বিস্ফোৰণে জোকাৰি গৈছে সমগ্ৰ অঞ্চল।
এই মৰ্মান্তিক দুৰ্ঘটনাত থিতাতে ৮ জন নিৰীহ শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৯ ৰ পৰা ২৭ জন শ্ৰমিক সুৰংগৰ ভিতৰত আৱদ্ধ হৈ পৰে। ঘটনা সংঘটিত হোৱাৰ পিছতেই অঞ্চলটোত তীব্র এক উত্তপ্ত তথা শোকা কুল পৰিৱেশ সৃষ্টি হয় ৷
কেনেকৈ মৃত্যু হ’ল শ্ৰমিকসকলৰ :
প্ৰাৰম্ভিক তথ্য অনুসৰি, সুৰংগৰ ভিতৰত প্ৰাকৃতিকভাৱে জমা হৈ থকা মাৰাত্মক বিষাক্ত মিথেন গেছ উলিয়াই দিয়াৰ প্ৰক্ৰিয়া চলাই থকাৰ সময়তে আকস্মিকভাৱে এক প্ৰচণ্ড বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ তীব্রতা ইমানেই বেছি আছিল যে নিমিষতে সুৰংগৰ ভিতৰত এক বৃহৎ ভূমিস্খলন ঘটে। ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
-সুৰংগত আৱদ্ধসকলক উদ্ধাৰৰ বাবে হাহাকাৰ:
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF)-ৰ উচ্চ প্ৰশিক্ষিত দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু জৰুৰীকালীনভাৱে চলোৱা এই উদ্ধাৰ অভিযানত ইটোৰ পিছত সিটো বাধা প্ৰাচীৰ হৈ থিয় দিছে:
বিষাক্ত গেছ আৰু অক্সিজেনৰ অভাৱ - সুৰংগটোৰ ভিতৰত মিথেন গেছৰ মাত্ৰা অতি ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ ফলত অক্সিজেনৰ পৰিমাণ শূণ্যৰ কাষ চাপিছে। বিষাক্ত ধোঁৱা আৰু গেছৰ বাবে উদ্ধাৰকাৰী দল সুৰংগৰ ভিতৰলৈ গভীৰভাৱে প্ৰৱেশ কৰাত প্ৰচণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলটোত অহৰহ হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে পুনৰ ভূমিস্খলনৰ আশংকাই দেখা দিছে, যিয়ে উদ্ধাৰকাৰীৰ জীবনলৈকো ভাবুকি কঢ়িয়াই আনিছে।
ভূ-বিজ্ঞানীসকলৰ মতে, সেই পাহাৰীয়া অঞ্চলৰ মাটি অত্যন্ত কোমল আৰু আলসুৱা। এনে ঠাইত ধাৰাবাহিকভাৱে বিস্ফোৰণ ঘটাই সুৰংগ খন্দা আৰু প্ৰকৃতিৰ ওপৰত অত্যাধিক হেঁচা পেলোৱাৰ বাবেই এই মহা-দুৰ্যোগৰ সৃষ্টি হৈছে।
বৰ্তমান জৰুৰীকালীন ভিত্তিত অতিৰিক্ত যন্ত্ৰপাতি আৰু অক্সিজেন চিলিণ্ডাৰৰ সহায়ত আৱদ্ধ শ্ৰমিকসকলক জীৱন্তে উদ্ধাৰ কৰাৰ বাবে প্ৰাণপণ চেষ্টা চলাই থকা হৈছে। প্ৰশাসনৰ ফালৰ পৰা পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি থকা হৈছে।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।