Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Sat, Jun 2026

আজিৰে পৰা সমগ্ৰ শিক্ষা অসমে আৰম্ভ কৰিলে নতুন আঁচনি

অসমৰ চাহ বাগিচা অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সু-খবৰ

আজি ১০ জুন ২০২৬ৰ পৰা সমগ্ৰ শিক্ষা, অসমে আৰম্ভ কৰিলে বিনামূলীয়া পৰিবহণ আৰু সুৰক্ষা বাহন সুবিধা আঁচনি। লক্ষ্য এটাই - কোনো শিশু যাতে যাতায়াতজনিত অসুবিধাৰ বাবে স্কুলৰ পৰা বঞ্চিত নহয়। এই আঁচনি ১১ জিলাত ৰূপায়ন কৰা হ'ব। এই আঁচনিৰ অধীনত  ১৯৮ খন বিদ্যালয় সামৰি লোৱা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়া ৯,৭১৪ জন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব নিৰাপদ আৰু বিনামূলীয়া যাতায়াতৰ সুবিধা।

whatsapp-image-2026-06-10-at-25457-pm.jpeg

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষত ৫,৪০০ টকাৰ আৰ্থিক সহায়, এই ব্যৱস্থাটো পৰিচালনা কৰিব স্থানীয় বিদ্যালয় পৰিচালনা সমিতিয়ে। আঁচনিখন ৩১ মাৰ্চ ২০২৭লৈকে চলিব, মাজত জুলাই মাহটো বাদ দিয়া হব। 

চাহ বাগিচা অঞ্চলত দূৰত্ব আৰু বেয়া ৰাস্তাৰ বাবে ড্ৰপআউটৰ হাৰ বেছি। এই পদক্ষেপে স্কুললৈ যোৱাটো সহজ, সুৰক্ষিত আৰু সুলভ কৰি তুলিব।কোনো শিশুৱে যাতে যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়ৰ পৰা বঞ্চিত নহয়, সেই লক্ষ্যৰে সমগ্ৰ শিক্ষা, অসমে আজি ইংৰাজী ১০ জুন, ২০২৬ তাৰিখৰ পৰা চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পৰিবহণ/সুৰক্ষা বাহন সুবিধা আঁচনি আৰম্ভ কৰিছে।