বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সৌজন্যত পৰম শ্ৰদ্ধেয় অশোক সিংঘল ডাঙৰীয়াৰ জন্ম শতাব্দী বৰ্ষ উদযাপন উপলক্ষে অহা ৪ অক্টোবৰত গুৱাহাটীত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সভাপতি পৰমেশ দত্তই এই বিষয়ে তথ্য দাঙি ধৰে।
প্ৰাপ্ত তথ্য অনুসৰি, ৪ অক্টোবৰৰ বিয়লি ৪ বজাৰ পৰা পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই উদযাপন অনুষ্ঠান অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দনদেৱ গোস্বামীয়ে মুখ্য অতিথি আৰু অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত অশোক সিংঘল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ইফালে, বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সহ সংগঠন মন্ত্ৰী শ্ৰীযুত বিনায়ক ৰাও দেশপাণ্ডেই অনুষ্ঠানত মুখ্য বক্তা হিচাপে বক্তব্য ৰাখিব।
গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি চবিন ৰাজখোৱাই আঁতধৰা সংবাদ মেলখনত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সভাপতি পৰমেশ দত্তই অশোক সিংঘলজীৰ জীৱন যাত্ৰা আৰু নিঃস্বাৰ্থ দেশপ্ৰেমৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে অশোক সিংঘলজী এজন অভিযন্তা হোৱা সত্ত্বেও চাকৰিৰ মোহ ত্যাগ কৰি একনিষ্ঠভাৱে দেশসেৱাত আত্মনিয়োগ কৰিছিল। অযোধ্যাত শ্ৰীশ্ৰীৰাম মন্দিৰ নিৰ্মাণ আৰু দেশৰ সনাতনী পৰম্পৰা ৰক্ষাৰ বাবে তেওঁ অশেষ যত্ন চলাইছিল। ভাৰতমাতৃৰ গৌৰৱ বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে তেওঁ সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ উপৰিও বহুবাৰ অসমলৈ আহি গুণী-জ্ঞানী লোকসকলৰ সৈতে ভাব-বিনিময় কৰিছিল।
সংবাদ মেলত বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী ক্ষেত্ৰৰ বিশেষ সম্পৰ্ক প্ৰমুখ পল্লৱ পৰাশৰেও শ্ৰদ্ধেয় সিংঘলজীৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে। শেষত মহানগৰ সমিতিৰ সভাপতি চবিন ৰাজখোৱাই সংবাদ মাধ্যমৰ সত্যনিষ্ঠ ভূমিকাক প্ৰশংসা কৰাৰ লগতে ৪ অক্টোবৰৰ সমাৰোহত ৰাইজৰ উপস্থিতি সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে বাৰ্তা প্ৰচাৰ কৰিবলৈ সকলো সংবাদ কৰ্মীকে অনুৰোধ জনায়।
- Tue, Oct 2026
বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰদ্ধেয় অশোক সিংঘলৰ জন্ম শতাব্দী বৰ্ষ উদযাপনৰ প্ৰস্তুতি
Follow us
Categories
- Ticker News (68)
- Design (29)
- Nature (21)
- Lifestyle (9)
- Travel Tips (8)
Lastest Post
L
Your experience on this site will be improved by allowing cookies
Cookie Policy