#জলপ্ৰলয়ত বিধ্বস্ত অসমৰ চাহ উদ্যোগ
ভাৰতৰ প্ৰথম আৰু এছিয়াৰ দ্বিতীয় সর্বোচ্চ চাহ উৎপাদিত ৰাজ্য অসমত এইবাৰ বানপানীৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাই নহয় অসমৰ অৰ্থনৈতিক পৰিকাঠামো বিধ্বস্ত কৰে।
উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত যোৱা ১৯ জুলাইত অহা বানৰ ধলে
ঘৰ দুৱাৰ , জীৱ জন্তু, ৰাস্তা ঘাট সকলো উটুৱাই নিয়াৰ ফলত লক্ষাধিক গৰু ছাগলীৰ মৃত্যু হয়। এই আকস্মিক বানত প্ৰায় শতাধিক লোকৰো মৃত্যু হয়।
এই দুৰ্যোগৰ ফলত ৰাজ্যৰ চাহ উদ্যোগটোত বিপৰ্যস্ত হৈ পৰে।
আটাইকেইখন জিলাৰ শতাধিক চাহ বাগান বিধ্বস্ত হৈ পৰাৰ লগতে বাগানত জমা হোৱা পানীৰ বাবে ১০ শতাংশ চাহ বাগান মৰি যোৱাৰ সম্ভাৱনা বেছি আছে। তাৰোপৰি ডাঙৰ বাগান সমূহৰ বহু কলঘৰ বোকা পানীৰে পুতি পেলোৱাৰ ফলত উৎপাদন লাহে লাহে হ্ৰাস হ'ব ধৰিছে।
হাজাৰ বিঘা মাটি পানীৰ তলত থকা বাবে চাহ পুলিসমূহ মৰি যোৱাটো নিশ্চিত।
এই জলপ্ৰলয়ৰ ফলত ৰাজ্যৰ অৰ্থনীতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা চাহ উদ্যোগটোৰ এই অৱস্থাৰ বাবে অসমৰ অৰ্থনীতিত পৰিব যথেষ্ট প্ৰভাৱ।
বানাক্ৰান্ত জিলাকেইখনত অসমত উৎপাদিত প্ৰায় ৭০০ মিলিয়ন কেজি চাহৰ ভিতৰত ২৫ শতাংশ চাহৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে।
বৰ্তমান চাহ বাগান সমূহ কিমান লোকচানৰ সন্মুখীন হৈছে তাক তৎকালীন মূল্যাংকন কৰিব পৰা নাযায় যদিও পানী শুকুৱাৰ তিনিমাহ মান পাছত ডাঙৰ সৰু সকলোবোৰ বাগানৰ প্ৰকৃত ক্ষয়ক্ষতিৰ স্পষ্ট ছবি ওলায় পৰাৰ সম্ভাৱনা আছে।