নগাঁও, ১৮ আগষ্ট : মধ্য অসমত অব্যাহত থকা অবৈধ পাহাৰ খনন বন্ধ কৰাৰ লগতে অঞ্চলটোক বানমুক্ত কৰাৰ দাবীত সৰৱ হৈ পৰিছে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। মঙলবাৰে সংগঠনটোৱে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ জৰিয়তে অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ এক চাৰিদফীয়া দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰখনত মূলতঃ মধ্য অসমৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু প্ৰকৃতি ধ্বংসকাৰী কাৰ্যকলাপ ৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ছাত্ৰ সন্থাৰ অভিযোগ অনুসৰি, মধ্য অসমৰ কাৰ্বি আংলং আৰু জাগীৰোডৰ বিভিন্ন পাহাৰত শিল উৎপাদনৰ নামত ব্যাপক অবৈধ খনন কাৰ্য চলাই থকা হৈছে। আৰ এছ গান্ধী নামৰ এজন ব্যক্তিয়ে এই অবৈধ খনন কাৰ্য চলাই থকা বুলি সংবাদ মাধ্যমৰ আগত মুকলিকৈ অভিযোগ উত্থাপন কৰে সন্থাৰ বিষয়ববীয়াই।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে, কাৰ্বি আংলঙৰ পাহাৰ সমূহত চলাই থকা অনিয়ন্ত্ৰিত খননে কেৱল পৰিৱেশৰে ক্ষতি সাধন কৰা নাই, বৰঞ্চ ঐতিহ্যমণ্ডিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুলৈকো চৰম ভাবুকি কঢ়িয়াই আনিছে। এনেধৰণৰ অবৈধ খননে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্য ধ্বংস কৰাৰ লগতে কৃত্রিম বানপানীৰো সৃষ্টি কৰিছে।
ইফালে, চৰকাৰক এই সমগ্ৰ বিষয়টোত শীঘ্ৰেই হস্তক্ষেপ কৰিবলৈ দাবী জনাই ছাত্ৰ সন্থাই সকিয়নি প্ৰদান কৰে। যদিহে অনাগত দিনত চৰকাৰে তেওঁলোকৰ এই যুক্তিসংগত দাবীসমূহ পূৰণ নকৰে, তেন্তে সমগ্ৰ মধ্য অসমজুৰি তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব।