মহামাৰীৰূপী ইবোলাৰ পুনৰ সংহাৰ। এইবাৰ মধ্য আৰু পূব আফ্ৰিকাত হাহাকাৰ। কংগো আৰু উগাণ্ডাত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিক লৈ বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে ‘আন্তৰ্জাতিক চিন্তাৰ বাবে জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা’। ইবোলা ভাইৰাছৰ ‘Bundibugyo strain’ৰ বাবে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে শতাধিক লোকে। কিন্তু ইমানৰ পিছতো আমাৰ মনত কিয় নাই কোনো আতংক? কিয় অনুভৱ হোৱা নাই কোনো উদ্বেগ?
আচলতে ইবোলাই মানুহৰ মানসিকতাৰ এক অস্বস্তিকৰ সত্য উন্মোচন কৰে। মানুহ হিচাপে আমি কোনো এক বিপদক সিমানেই ভয় নকৰোঁ, যিমান সি মাৰাত্মক। আমি ভয় কৰোঁ তেতিয়াহে—যেতিয়া বিপদটো আমাৰ একেবাৰে কাষত থাকে। হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ কোনো দেশে ভোগা যন্ত্ৰণা বা লক্ষ লক্ষ মানুহক প্ৰভাৱিত কৰা ৰোগেও আমাৰ মনত জোকাৰণি তুলিব নোৱাৰে। অথচ, ঘৰৰ ওচৰৰ এটা সৰু বিপদেও আমাক বিনিদ্ৰ ৰজনী উপহাৰ দিয়ে।
কিন্তু বিজ্ঞানৰ দৃষ্টিৰে চালে আন এটা ৰহস্য পোহৰলৈ আহে। আটাইতকৈ মাৰাত্মক ভাইৰাছবোৰেই যে আটাইতকৈ বেছি বিয়পিব, তেনে নহয়। ভাইৰাছৰ মাৰাত্মকতা আৰু সোঁচৰাৰ ক্ষমতাৰ মাজত এক ভাৰসাম্য থাকে। ইবোলা অত্যন্ত ভয়ংকৰ, ইয়াৰ মৃত্যুহাৰ ২৫ শতাংশৰ পৰা ৯০ শতাংশ পৰ্যন্ত হ’ব পাৰে। কিন্তু যিহেতু ই বায়ুৰ মাধ্যমেৰে নিবিয়পে আৰু আক্ৰান্ত হ’লেই মানুহজন লগে লগে গুৰুতৰভাৱে অসুস্থ হৈ পৰে, সেয়েহে বৃহৎ পৰিসৰত বিয়পাৰ আগতেই ইবোলাৰ ভৌগোলিক বিস্তাৰ থমকি ৰয়।
মনত পেলাওক ক’ভিড-১৯ৰ কথা। ক’ভিডৰ মৃত্যুহাৰ ইবোলাতকৈ বহু কম আছিল, কিন্তু ইয়াৰ সংক্ৰমণৰ ক্ষমতা আছিল তীব্ৰ। লক্ষণহীন বা সামান্য লক্ষণ থকা ক’ভিড আক্ৰান্তই সহজে ঘূৰি-ফুৰি গোটেই বিশ্বতে প্ৰলয় আনিছিল। বিৱৰ্তনৰ নিয়মানুসাৰে, ‘অতি মাৰাত্মক’ ভাইৰাছে নিজৰ বিস্তাৰ নিজেই সীমিত কৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ইবোলা কম বিপজ্জনক। দুৰ্বল স্বাস্থ্যব্যৱস্থা আৰু সুৰক্ষামূলক সামগ্ৰীৰ অভাৱ থকা সমাজ এখনৰ বাবে ই এতিয়াও এক অভিশাপ।
বৰ্তমানৰ এই প্ৰাদুৰ্ভাৱে আমাক সোঁৱৰাই দিয়ে যে সংক্ৰামিত ৰোগ কেৱল চিকিৎসাবিজ্ঞানৰ বিষয় নহয়; ই পৰিৱেশ, বন্যপ্ৰাণী আৰু মানুহৰ আচৰণৰ সৈতেও গভীৰভাৱে জড়িত। বিশ্বব্যৱস্থাৰ বাবে ইবোলা হয়তো ভৌগোলিকভাৱে বহু দূৰত, কিন্তু প্ৰকৃতিৰ ভাৰসাম্য হেৰাই গ’লে যিকোনো মহামাৰী আমাৰ চোতাল পাবলৈ বেছি সময় নালাগে।