২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (CID) ৰাজ্যৰ জলসম্পদ বিভাগত (Water Resources Department) চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে।
প্ৰাইম অসম, গুৱাহাটী :
ৰাজ্যত পুনৰ উত্থাপিত হৈছে চাকৰিৰ নামত বৃহৎ প্ৰৱঞ্চনাৰ ভয়ংকৰ তথ্য। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (CID) ৰাজ্যৰ জলসম্পদ বিভাগত (Water Resources Department) চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। এই ভুৱা নিযুক্তি চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত চি আই ডিয়ে বৰ্তমানলৈকে মুঠ ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
### এমহীয়া অভিযানৰ অন্তত ৭ জনক গ্ৰেপ্তাৰ :
বিগত প্ৰায় এক মাহ ধৰি চি আই ডিয়ে চলোৱা তীব্ৰ তালাচী আৰু অভিযানৰ অন্তত এই বৃহৎ চক্ৰটোক কৰায়ত্ত কৰা হয়। অভিযান কালত যোৱা ২৭ জুনত নলবাৰী জিলাৰ পৰা গুণমণি বৈশ্য নামৰ অন্যতম অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত আন ৬ জন অভিযুক্ত হ’ল :
* ৰঞ্জন পেগু
জাকাৰিয়া আহমেদ
আবু হানিফ চৌধুৰী
সোণটি দাস
শংকৰ কুমাৰ ভৌমিক
ৰীনা ব্ৰহ্ম
### লাখ লাখ টকাৰ প্ৰৱঞ্চনা: কেনেকৈ চলিছিল এই চক্ৰ?
তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই চক্ৰটোৱে অতি পৰিকল্পিতভাৱে জালিয়াতিৰ আশ্ৰয় লৈছিল। জলসম্পদ বিভাগৰ নামত ভুৱা বিজ্ঞাপন তথা জাননী জাৰি কৰি তেওঁলোকে প্ৰথমে চাকৰি প্ৰাৰ্থীসকলক আকৰ্ষিত কৰিছিল। ইয়াৰ পিছত ভুৱা নিযুক্তি পত্ৰ (Fake Appointment Letter) আৰু চৰকাৰী বিভাগৰ জাল মোহৰ (Fake Government Seals) ব্যৱহাৰ কৰি চৰকাৰী চাকৰি পোৱা বুলি বিশ্বাস জন্মাইছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিনিময়ত সৰল মনৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা হাজাৰ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাখ লাখ টকা পৰ্যন্ত আত্মসাৎ কৰিছিল চক্ৰটোৱে।
### নতুন আইনৰ অধীনত গোচৰ ৰুজু :
এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত চি আই ডি থানাত ইতিমধ্যে এক গোচৰ পঞ্জীয়ন কৰা হৈছে। নতুন ভাৰতীয় ন্যায় সংহিতা (BNS) ২০২৩-ৰ ধাৰা ৬১(২), ৩১৮(৪), ৩৩৬(৩) আৰু ৩৪০(২) ৰ অধীনত CID PS Case No. 04/25 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অধিক ক্ষিপ্ৰতৰ কৰি তুলিছে।
উল্লেখযোগ্য যে এই চক্ৰটোৰ সৈতে চৰকাৰী বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী অথবা আন কোনো প্ৰভাৱশালী ব্যক্তি জড়িত আছে নেকি, সেই দিশটোও বৰ্তমান চি আই ডিয়ে পৰীক্ষা কৰি আছে। অনাগত দিনত এই ঘটনাৰ সৈতে জড়িত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
নিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
আগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।