আন্তৰ্জাতিক যোগ দিৱস : স্বাস্হ্যসন্মত বাৰ্ধক্যৰ বাবে যোগাভ্যাস
চলিত বৰ্ষৰ এই যোগ দিৱসৰ মূল বিষয়বস্তু (Theme) হৈছে 'Yoga for Healthy Ageing' অর্থাৎ 'স্বাস্হ্যসন্মত বাৰ্ধক্যৰ বাবে যোগ'। জীৱনৰ শেষ সময়লৈকে শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় তথা সুস্থ হৈ থকাৰ বাবে যোগাভ্যাসৰ গুৰুত্বক এইবাৰ বিশেষভাৱে তুলি ধৰা হৈছে।